Protest in Guwahati:৩৫০ গৰাকী আদৰণী চালকক নিয়োগৰ দাবীত প্ৰতিবাদ চালকৰ - আদৰণী চালক
Published : Sep 12, 2023, 7:40 PM IST
গুৱাহাটী, ১২ ছেপ্টেম্বৰ :আদৰণী সেৱা বন্ধ কৰাৰ সিদ্ধান্ত উঠাই লোৱা আৰু স্বাস্থ্য বিভাগে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ দাবীত মঙলবাৰে সদৌ অসম আদৰণী চালক সন্থাৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
প্ৰতিবাদকাৰীসকলে আদৰণী চালকৰ কামৰ সময় শ্রম আইনমতে ধাৰ্য্য কৰা, অতিৰিক্ত সময়ৰ বাবে Overtime allowance ধাৰ্য্য কৰা, ন্যূনতম মজুৰী চৰকাৰ অনুমোদিত ঘোষণা অনুযায়ী আদায় দিয়া, অসম চৰকাৰৰ আদৰণী সেৱা বন্ধ কৰাৰ সিদ্ধান্ত অবিলম্বে উঠাই লোৱা, জনসাধাৰণৰ সুবিধাৰ কাৰণে আদৰণী সেৱাৰ পৰিসৰ বৃদ্ধি কৰা, সম্প্ৰতি বহি থকা ৩৫০ গৰাকী চালকক কামত নিয়োগ কৰা আদিকে ধৰি আদৰণী চালকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদী চালকসকলে অতি শীঘ্ৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে । আদৰণী চালক সকলৰ মঙলবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীক সহযোগ কৰে শ্ৰমিক সংগঠন CITU য়ে ।
লগতে পঢ়ক :AASA demanding tribalisation:জনজাতিকৰণৰ দাবীত দিল্লীত দহ হাজাৰ আদিবাসী লোকে কৰিব প্ৰতিবাদ