অসম

assam

ক'লা আইনৰ বিৰুদ্ধে প্ৰতিবাদ, চিলাপথাৰত প্ৰতিবাদকাৰীক আটক

ETV Bharat / videos

ক'লা আইনৰ বিৰুদ্ধে প্ৰতিবাদ, চিলাপথাৰত প্ৰতিবাদকাৰীক আটক - প্ৰতিবাদকাৰীক আটক

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:00 PM IST

জোনাই, ৫ জানুৱাৰী:যান-বাহন শূণ্য আজিৰ ৰাজপথ ৷ হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে চালক সন্থাৰ যৌথ মঞ্চই আহ্বান কৰা কৰ্মবিৰতিৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৰাজ্যৰ অন্যান্য ৰাজপথসমূহৰ লগতে চিলাপথাৰ আৰু জোনাইৰ ৰাজপথ । শুকুৰবাৰে চিলাপথাৰত ক'লা আইনৰ বিৰুদ্ধে পুৱা ৫ বজাৰে পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে প্ৰতিবাদকাৰী দলৰ ধেমাজি জিলা চালক সন্থাৰ সভাপতি জোন সোণোৱাল আৰু সন্থাৰ সদস্য ধনী সোণোৱালক আৰক্ষীয়ে আটক কৰে ।  

লগে লগে উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰীসকল । কোনো ধৰণৰ বাণিজ্যিক বাহনেই চলাচল কৰিব পৰা নাই চিলাপথাৰৰ চৌপাশে । বন্ধ নমনা চালকক বটল আৰু চেণ্ডেলৰ মালা পিন্ধাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। ইতিমধ্যে চিলাপথাৰত চালকসকলৰ প্ৰতিবাদে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । ইফালে জোনাইতো কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মকৰূপে প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে সৰুপথাৰত মটৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details