অসম

assam

By

Published : Dec 14, 2022, 10:03 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / videos

Protest in Dibrugarh : আদৰণি সেৱা বন্ধৰ সিদ্ধান্তৰ বিৰোধিতাৰে ডিব্ৰুগড়ত প্ৰতিবাদ

ৰাজ্যত শীঘ্ৰে বন্ধ হ'ব আদৰণি সেৱা(Decision to discontinue the Adarani scheme) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আদৰণি সেৱাৰ চালক কৰ্মচাৰীসকল । এই সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আদৰণি সেৱাৰ চালকে(Adarani Driver Association Protest) । ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদতো চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । এই আঁচনিত ব্যৱহাৰ হোৱা গাড়ী আৰু সেৱা আগবঢ়াই অহা চালকসকল মালিকী পক্ষৰ । আদৰণি চালকসকলে অতি নূন্যতম বেতনত আজি প্ৰায় ১০ টা বছৰে সেৱা আগবঢ়াই পৰিয়াল পোহপাল দি আহিছে । শেহতীয়াকৈ চৰকাৰ এই সিদ্ধান্তৰ ফলত কৰ্মসংস্থাপন হেৰুওৱাৰ দিশে ৰাজ্যৰ হাজাৰ হাজাৰ আদৰণি সেৱাৰ চালকসকল । সেয়ে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আদৰণি সেৱাৰ চালকসকলে(Memorandum sent to the CM) ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details