অসম

assam

By

Published : Dec 13, 2022, 6:09 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / videos

Accident in Jorhat: নিজে চলোৱা গাড়ী চেপাত মৃত্যু চালকৰ

যোৰহাট গোঁহাই টেকেলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা (Accident in Jorhat) ৷ নিজে চলোৱা গাড়ীৰ চেপাত অকালতে মৃত্যুক আকোঁৱালি ল’লে দীপু পাটৰ নামৰ ব্যক্তিজনে । নিহত দীপু পাটৰৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰাৰ গৈছে ৷ তথ্য অনুসৰি, নিহত দীপুৱে কৰ্মসূত্ৰে যোৰহাট ৰাজতীয়াৰ শহুৰেকৰ ঘৰতে বাস কৰিছিল ৷ অইন দিনাৰ দৰে বালি মহলত ডাম্পাৰ চালক হিচাপে কাম কৰা দীপু পাটৰে মঙলবাৰেও নিজৰ ডাম্পখনৰ পুৰণি চকা সলাই আছিল ৷ তেনেতে হঠাতে গাড়ীখন চলি যায় ৷ ফলত ডাম্পখনৰ চকাৰ চেপাত মৃত্যু হয় দীপুৰ (Driver died after being hit by self driving vehicle in Jorhat) ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ইফালে খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত যোৰহাট যান বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details