অসম

assam

যান-বাহন শূণ্য আজিৰ ৰাজপথ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 11:15 AM IST

ETV Bharat / videos

হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে নগাঁৱত চালক সন্থাৰ প্ৰতিবাদ

নগাঁও, 5 জানুৱাৰী : যান-বাহন শূণ্য আজিৰ ৰাজপথ ৷ হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে চালক সন্থাৰ যৌথ মঞ্চই আহ্বান কৰা কৰ্মবিৰতিৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৰাজ্যৰ ৰাজপথসমূহ । শুক্ৰবাৰে পুৱাৰ পৰা আৰম্ভ হোৱা এই 48 ঘণ্টীয়া কৰ্মবিৰতিৰ প্ৰভাৱ নগাঁৱতো পৰা পৰিলক্ষিত হৈছে । শুক্ৰবাৰৰ পুৱাৰে 48 ঘণ্টাৰ বাবে যাত্ৰীবাহী বাছ, সামগ্ৰী কঢ়িওৱা ট্ৰাক চালক সন্থাই কৰ্মবিৰতি পালন কৰে ৷  

কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে নগাঁও চহৰৰ লক্ষীনগৰত চৰকাৰৰ বিৰুদ্ধে বহু প্ৰকতিবাদকাৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে চালক সন্থাই সাব্যস্ত কৰা এই প্ৰতিবাদৰ ফলত পুৱাই একপ্ৰকাৰ উত্তাল হৈ পৰিল নগাঁও চহৰৰ লক্ষীনগৰ ।

লগতে পঢ়ক :ক’লা আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ ৰাজ্য

ABOUT THE AUTHOR

...view details