Fire in Bus : ৰাঁচীত বাছৰ ভিতৰতে জীৱন্তে জ্বলিল চালক-কণ্ডাক্টৰ
দেৱালীৰ নিশা ৰাঁচীৰ খাদগড়া বাছ ষ্টেণ্ডত ভয়ংকৰ অগ্নিকাণ্ড । এখন বাছত জুই লগাৰ ফলত দুজনকৈ লোক মৃত্যুমুখত পৰে(Driver and conductor burnt alive in bus) । বাছখনত জুই লগাৰ ফলত চালক আৰু কণ্ডাক্টৰজন অগ্নিদগ্ধ হয় । চালক আৰু কণ্ডাক্টৰজন বাছখনৰ ভিতৰত শুই থকা অৱস্থাতে পূজাৰ চাকিৰ পৰা সুত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই আৱৰি ধৰে । ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰে অগ্নিদগ্ধ মৃতদেহ দুটা । প্ৰাপ্ত তথ্য অনুসৰি, খাদগড়া বাছ ষ্টেণ্ডত মুনলাইট বাছত চালক মদন আৰু কণ্ডাক্টৰ ইব্ৰাহিমে এটা চাকি জ্বলাই বাছৰ ভিতৰত শুই আছিল ।
Last Updated : Feb 3, 2023, 8:30 PM IST