অসম

assam

বাল্য বিবাহ বিৰোধী অভিযান

Drive against child marriage:ছয় মাহৰ পূৰ্বে বাল্য বিবাহ কৰি ৰঙাঘৰৰ আলহী হ’ল বিশাল বাচফৰ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 2:51 PM IST

Published : Oct 5, 2023, 2:51 PM IST

ডিব্ৰুগড়,5 অক্টোবৰ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত ৰাজ্যত দ্বিতীয়বাৰৰ বাবে আৰক্ষীয়ে চলাইছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান ৷ অভিযানত ধৰা পৰিছে বহু ভয়ংকৰ তথ্য ৷ ৰাজ্যত ভিতৰি শিপাই আছে এই সামাজিক ব্যাধি ৷

অভিযানত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবা শতাধিক বাল্য বিবাহ কৰোৱা বে-আইনী স্বামীক আটক কৰিছে আৰক্ষীয়ে । এইবাৰ বাল্য বিবাহ কৰি ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল এটি দম্পতী । ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ মাজতেই নিশা আৰক্ষীয়ে ডিব্ৰুগড় চহৰৰ হৰিজন কলনিৰ পৰা বিশাল বাচফৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে । বিশাল বাচফৰৰ পত্নীৰ বয়স মাত্ৰ ১৬ বছৰ ।

ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতেই মাত্ৰ ছয় মাহৰ পূৰ্বে দুয়োটা পৰিয়ালৰ সন্মতিত হৈছিল এই বিবাহ । ভাৰতীয় দণ্ডবিধি 366 ধাৰাৰ অধীনত ডিব্ৰুগড় সদৰ থানাৰ 335/23 নম্বৰ গোচৰৰ ভিত্তিত নিশাই বিশাল বাচফৰক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে ।

লগতে পঢ়ক :Campaign against Child marriage: বাল্য বিবাহ বিৰোধী অভিযান সন্দৰ্ভত কি ক'লে জি পি সিঙে

ABOUT THE AUTHOR

...view details