অসম

assam

বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ

ETV Bharat / videos

Doul Mahostsav in Barpeta:বৰপেটা সত্ৰত ডেকা সত্ৰীয়াই ফাকু ছটিয়াই গোসাঁইক জনালে সেৱা - Doul Mahostsav 2023

By

Published : Mar 7, 2023, 2:30 PM IST

বৰপেটা ৭ মাৰ্চ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত সোমবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ মঙলবাৰে ভৰ দৌল (Doul Mahostsav 2023) ৷ বহ্নুৎসৱ উপলক্ষে সোমবাৰে বিয়লিৰ প্ৰসংগৰ পিচত সত্ৰৰ মনিকূট গৃহত থকা দৌল গোবিন্দ গোসাঁইক সত্ৰৰ পূৱ দুৱাৰেৰে আৰু কলীয়া ঠাকুৰ গোসাঁইক ঘাই দুৱাৰেৰে মঠৰ চোতাললৈ আনি সত্ৰীয়া ৰীতি অনুসৰি মহাস্নান সম্পন্ন কৰা হয় । ইয়াৰ পিচত সন্ধিয়া দুয়োজনা গোসাঁইক মেজিৰ চাৰিওপিনে সাতপাক প্ৰদক্ষিণ কৰাই যোগমোহন গৃহত ৰাখি নিশা ১২ বাজি ২০ মিনিটত গোবিন্দ গোসাঁইক আৰু কলীয়া ঠাকুৰ গোসাঁইক যথাৰীতি দৌলত আৰোহণ কৰা হয় (Doul Mahostsav in Barpeta satra) ৷

আজি আৰু কাইলৈ দুদিন ভৰ দৌল অনুষ্ঠিত হ'ব ৷ ভৰ দৌল উপলক্ষে মঙলবাৰে দৌলগৃহত বিৰাজমান দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰি চটিয়াই সেৱা জনোৱা হয় ৷ আজি ডেকা সত্ৰীয়া গৌতম পাঠকে দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকু গুৰি ছটিয়াই যথানিয়মে সেৱা জনায় ৷ পৰম্পৰা অনুসৰি সত্ৰীয়া বাপজনাই গোঁসাইক ফাকুগুৰি ছটিয়াই সেৱা জনোৱাৰ পিচতহে ভক্ত দৰ্শনাৰ্থীয়ে গোঁসাইক ফাকুগুৰিৰে সেৱা জনায় ৷ আজি ভৰ দৌল উপলক্ষে এইদৰে বৰপেটা সত্ৰৰ দৌলগৃহত ভক্তসকলে দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰিৰে সেৱা জনাইছে ৷

লগতে পঢ়ক:Majuli holi celebration news: ফাকুৱাক লৈ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীত

ABOUT THE AUTHOR

...view details