অসম

assam

পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ

ETV Bharat / videos

বৰহাপজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ একাংশৰ পথ অৱৰোধ - ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 1:28 PM IST

তিনিচুকীয়া, ২২ ডিচেম্বৰ : শুকুৰবাৰে পুৱাই তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ বৃহস্পতিবাৰে বৰহাপজানত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হোৱা নীৰেন ওৰাঙক ন্যায় প্ৰদানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে মৃতদেহ লৈ পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ সাব্যস্ত কৰে প্ৰতিবাদ ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বৃহস্পতিবাৰে পাঠক উপাধিৰ লোকজনৰ মাধুৰী নামৰ বাছখনে বজাৰ কৰিবলৈ যোৱা নীৰেণ ওৰাং নামৰ লোকজনক খুন্দিয়ায় ৷ বাছৰ খুন্দাত থিতাতে নিহত হয় নীৰেণ ওৰাং নামৰ লোকজন ৷ ইফালে উক্ত ঘটনা সংঘটিত হোৱাৰ পাচতে মাধুৰী নামৰ বাছখনৰ চালকে নিজে থানাত হাজিৰ হৈ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷ কিন্তু বাছখনৰ মালিকে ঘটনাৰ পিছত লোকজনক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কোনো উদ্যোগ নোলোৱাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷

সেয়ে নিহত লোকজনক ন্যায় প্ৰদান কৰাৰ লগতে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ উক্ত স্থানত গতিৰোধক নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে ডুমডুমা ৰাজহচক্ৰ বিষয়া ৰন্ময় ভৰদ্বাজ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে আলোচনাৰ জৰিয়তে উক্ত পথটো মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক :২০২৩ চনতে সংঘটিত হৈছে পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ৰে'ল দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details