অসম

assam

By

Published : Jan 5, 2023, 9:04 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Doctor Assault in Hospital: বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকক প্ৰহাৰ

ৰাজ্যত পুনৰ সংঘটিত হ'ল চিকিৎসক নিগ্ৰহৰ ঘটনা(Assam doctor assaulted) ৷ বৃহস্পতিবাৰে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসক বাবুল দাসক আক্ৰমণ কৰে তিনি উদণ্ড যুৱকে(Doctor assaulted in Barpeta Civil) ৷ উল্লেখ্য যে, কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক বাবুল দাসক ওৱাহাব আলীৰ লগতে আন দুই দুষ্কৃতিকাৰীয়ে সুধিছিল চিকিৎসক জাকিৰৰ কথা ৷ কিন্তু চিকিৎসক বাবুল দাসে প্ৰত্যুত্তৰত ‘ওচৰৰ ৰূমত চাওক নহলে তেওঁক ফোন কৰক’ বুলি কোৱাৰ বাবে মাৰপিট কৰে তিনি উদণ্ড যুৱকে(Doctor beaten in Assam) ৷ ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয় চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ অৱশ্যে চিকিৎসালয়ত উপস্থিত থকা লোকসকলৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷ ইয়াৰ পিছতেই তিনি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীসকলে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details