অসম

assam

ডবকা থানা আক্ৰমণ

Doboka police station attacked: ডবকা থানা আক্ৰমণ এদল উন্মত্ত লোকৰ, দুগৰাকী আৰক্ষী আহত

By

Published : Jun 14, 2023, 2:58 PM IST

Published : Jun 14, 2023, 2:58 PM IST

হোজাই, 14 জুন: বটদ্ৰৱাকাণ্ডৰ যেন পুনৰাবৃত্তি ঘটিল ডবকা থানাত ৷ এচাম উদণ্ড লোকে আহি আক্ৰমণ কৰিলে ডবকা থানা ৷ মহিলা কনিষ্টবলসহ আহত দুই কৰ্মৰত আৰক্ষী ৷ যোগীজানৰ পৰা টাটা ম’বাইলত কৰি আহি আক্ৰমণ কৰে থানা ডবকা থানা ৷ আক্ৰমণকাৰী আটাইৰে ঘৰ যোগীজানৰ কান্দুলীমাৰিত বুলি জানিব পৰা গৈছে  ৷ আক্ৰমণত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰৰিছে চাৰিজন আক্ৰমণকাৰীক ৷ আক্ৰমণকাৰী কেইজন ক্ৰমে আচাদ আলী, নাচিমা বেগম, ফুল বানু আৰু আব্দুল শুকুৰ ৷ এগৰাকী মহিলা ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ পিচত মহিলাগৰাকীৰ পৰিয়ালে স্বামীয়ে হত্যা কৰাৰ অভিযোগ তুলি উত্তাল কৰে থানা । তাৰ পাচতে একাংশ লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় উন্মত্ত জনতাৰ দলটোৱে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :Erosion of Beki river: কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া

ABOUT THE AUTHOR

...view details