Diwali 2023: যোৰহাটবাসী সাজু সেউজ দিপাৱলী উদযাপন কৰিবলৈ - পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰস্তুতি
Published : Nov 10, 2023, 2:38 PM IST
যোৰহাট, 10 নৱেম্বৰ :পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুটা দিন । ৰাজ্যবাসীয়ে পুৰ্ণোদ্যমে পালন কৰিবলৈ সাজু হৈছে দীপাৱলী । এইবাৰ ন্যায়ালয়কে ধৰি যোৰহাট জিলা প্ৰশাসনেও বায়ু প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থত সেউজ দীপাৱলী পালন কৰিবলৈ আহ্বান জনাইছে সকলোকে আৰু উচ্চ প্ৰাৱল্যৰ আতজৱাজী ফুটোৱা আৰু বিক্ৰী সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে ৷
এই বৰ্ষত দীপাৱলীত মৃৎশিল্পীসকলে তৈয়াৰ কৰা মাটি চাকিৰ চাহিদা বৃদ্ধি পোৱা সম্ভাৱনা আছে ৷ যোৰহাটবাসী ৰাইজে সেউজ দীপাৱলী পালন কৰাৰ স্বাৰ্থত নগৰৰ মাজমজিয়াত থকা মাটি চাকিৰ বিপনীসমূহৰ পৰা মাটি চাকি ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে । কাষৰীয়া জিলা গোলাঘাটৰ কাকডোঙাৰ পৰা মৃৎ শিল্পীসকলে তৈয়াৰ কৰা মাটি চাকিসমূহ যোৰহাট নগৰৰ বজাৰৰ স্থানসমূহলৈ লৈ অনা হৈছে । যাৰ বাবে যোৰহাটবাসীয়ে সহজতে মাটি চাকি লাভ কৰিছে ৷
লগতে পঢ়ক :Diwali 2023:এইবাৰ দীপাৱলীত অনলাইনত নিকিনিব প্লাষ্টিকৰ চাকি...যাওক গাঁৱলৈ