অসম

assam

Disturbing viral video: চিচিটিভিত বন্দী শিশুক নিৰ্মমভাৱে প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

By

Published : Jan 5, 2023, 10:29 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

মেৰাপানী আৰক্ষী থানাৰ সমীপতে বজাৰৰ মাজমজিয়াত মঙলবাৰে পুৱাই সংঘটিত হৈছে এক নিৰ্মম ঘটনা (Man beating a child brutally in Golaghat)৷ এটা কণমানি শিশুক নিৰ্মমভাৱে প্ৰহাৰ এজন অনা অসমীয়া ব্যৱসায়ীৰ ৷ চিচিটিভিৰ কেমেৰাত বন্দী হ'ল শিশুটিক আক্ৰমণ কৰা ভয়াৱহ দৃশ্য ৷ এডাল কাঠেৰে শৰীৰত, মূৰত শিশুটিক প্ৰহাৰ কৰিছে ব্যক্তিজনে (Child is brutally beaten by a man) ৷ সম্প্ৰতি এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেৰাপানীত (Child beating viral video in Assam) । ঘটনা অনুসৰি এটি ১০ বছৰীয়া শিশুক ভাড়াতীয়া হিচাপে থকা বিহাৰী সম্প্ৰদায়ৰ লক্ষ্মী নামৰ এজন অনা অসমীয়া ব্যৱসায়ীয়ে সামান্য কথাতে এডাল কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰাৰ লগতে শিশুটিৰ গালত প্ৰচণ্ড চৰ সোধাই (Child beating brutally in Golaghat)৷ গৰঙা চাহ বাগিচাৰ ঘাটমাউৰা শিশুটিক কেইমাহ মানৰ পূৰ্বে মেৰাপানীৰে দীপক দাস নামৰ এজন ব্যৱসায়ীয়ে তুলি লৈ নিজৰ পৰিয়ালৰ সৈতে ৰাখিছিল ৷ সম্প্ৰতি আহত শিশুটিক মেৰাপানী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷ এই ঘটনাৰ পিছতে শিশুটোৰ অভিভাৱক দীপক দাসৰ পৰিয়ালে মেৰাপানী আৰক্ষী চকীত (Merapani Police station) এজাহাৰ দাখিল কৰাৰ লগতে দোষী ব্যৱসায়ীজনক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details