অসম

assam

বিহু গীতত কঁকাল ঘূৰালে নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ শ্বাহে

ETV Bharat / videos

Nagaon District Day Celebration: কৃষ্ণমণি নাথৰ বিহু গীতত কঁকাল ভাঙি নাচিলে নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ শ্বাহে

By

Published : Mar 28, 2023, 10:35 AM IST

নগাঁও, 28 মাৰ্চ: জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথৰ বিহুসুৰীয়া গীতত কঁকাল ভাঙি নাচিলে নগাঁৱৰ জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহে (Narendra Kumar Shah DC Nagaon) ৷ নগাঁও জিলা দিৱস উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াত মঞ্চত এনেদৰে নৃত্য কৰা দেখা গ'ল প্ৰশাসনিক বিষয়া গৰাকীক ৷ উপায়ুক্ত গৰাকীৰ লগতে নৃত্য প্ৰদৰ্শন কৰিলে ADC দেবাহুতি বৰা আৰু ডিম্পল বৰাইয়ো ৷ নগাঁও জিলা দিৱস উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত সোমবাৰে দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য (Nagaon District Day Celebration) ৷

উল্লেখযোগ্য যে, ৰাজ্যৰ এখন অন্যতম জিলা নগাঁও জিলাই অতিক্ৰম কৰিলে 190 বছৰ ৷ 1833 চনৰ 27 মাৰ্চত জিলা হিচাপে স্বীকৃতি লাভ কৰা নগাঁও জিলাৰ 190 সংখ্যক প্ৰতিষ্ঠা দিৱস, জিলা প্ৰশাসনৰ উদ্যোগত আকৰ্ষণীয় কাৰ্যসূচীৰে সোমবাৰে অনুষ্ঠিত হৈ যায় (Bihu Dance of Nagaon DC in District Day)

ABOUT THE AUTHOR

...view details