অসম

assam

মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত মঙলবাৰে প্ৰতিবাদ কংগ্ৰেছৰ

ETV Bharat / videos

Congress Protest in Majuli:মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত মঙলবাৰে প্ৰতিবাদ কংগ্ৰেছৰ

By

Published : Jul 25, 2023, 5:46 PM IST

মাজুলী, 25 জুলাই:অত্যাবশ্যকীয় সামগ্ৰীৰমূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত মাজুলীত জিলা কংগ্ৰেছে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ মাজুলীৰ বালিচাপৰিত জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ যোগান মন্ত্ৰীৰ কাম নাই, সাধাৰণ জনতাৰ লগত খেল নেখেলিব আদি শ্ল'গানেৰে উত্তপ্ত কৰি তোলে মাজুলীৰ বালিচাপৰি। 

প্ৰতিবাদকাৰী সকলে কয় যে, ৰাস্তা-ঘাট কংগ্ৰেছৰ দিনটো হৈছিল, বিজেপিৰ দিনটো হৈছে, ৰাস্তা-ঘাটৰ উন্নয়নে প্ৰকৃত উন্নয়ন নহয়, আজি তাৰিখলৈকে বিজেপি চৰকাৰে মাজুলীক সুৰক্ষা দিব নোৱাৰিলে । জনসাধাৰণে পূৰ্বৰ কংগ্ৰেছৰ বেয়া দিনৰ কথা সুঁৱৰিছে ৷ বিজেপিৰ ভাল দিনত ৰাইজে দিনতে অন্ধকাৰ দেখিছে ৷ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক ৷ পূৰ্বৰ 400 টকা ৰন্ধন গেছৰ দাম বৰ্তমান 1100 টকা হ’ল ৷ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা চৰকাৰে ডাঙৰ ডাঙৰ কথা কয় ৷’ 

লগতে পঢ়ক:Erosion in Majuli:মাজুলীৰ খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধৰ দাবীত ধৰ্ণা

ABOUT THE AUTHOR

...view details