অসম

assam

বৰপেটাৰোডত দিব্যংগসকলৰ মাজত ই-ৰিক্সা বিতৰণ

ETV Bharat / videos

E-rickshaws Distribute: বৰপেটাৰোডত দিব্যংগসকলৰ মাজত ই ৰিক্সা বিতৰণ - BTR Executive Member Gautam Das

By

Published : Apr 11, 2023, 10:34 PM IST

বৰপেটাৰোড,১১ এপ্ৰিল: মঙলবাৰে বাক্সাৰ জাখলিৰপাৰত অনুষ্ঠিত হোৱা এক সভাত দিব্যাংগসকলৰ মাজত ই-ৰিক্সাসমূহ বিতৰণ কৰে BTRৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷ BTR প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ চৰকাৰে সমাজৰ দৰিদ্ৰ দিব্যাংগসকলক ‘‘মানৱ সেৱা মিছন’’ নামৰ বিশেষ আঁচনিৰ অধীনত বিগত বৰ্ষৰ পৰা এই সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰে বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে (E rickshaw distribution in Barpetaroad) ।  

লগতে তেওঁ কয় যে, দিব্যাংগসকল সমাজৰ কেতিয়াও হেঙাৰ হৱ নোৱাৰে ৷ দিব্যাংগসকলৰো সুস্থ মানুহৰ দৰেই জীয়াই থকাৰ এটা সপোন থাকে ৷ সুস্থ মানুহৰ আশা-আকাংক্ষাৰ দৰেই দিব্যাংগ সকলৰো থাকে এক প্ৰৱল ইচ্ছা শক্তি (BTR Executive Member Gautam Das) ৷ সেয়ে বি টি আৰ চৰকাৰে 'মানৱ সেৱা মিছন'ৰ জৰিয়তে বছৰত এশ গৰাকী দৰিদ্ৰ দিব্যাংগক এই আচঁনিৰ জৰিয়তে সুবিধা প্ৰদান কৰি অহা বুলি উল্লেখ কৰি বি টি আৰৰ আন দুশ দিব্যাংগক পঞ্চাছ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে (E rickshaws Distribute in Barpetaroad) ৷  

বি টি আৰ চৰকাৰে লোৱা এই আচঁনিৰ জৰিয়তে বি টি আৰৰ দিব্যাংগসকল বিশেষভাৱে উপকৃত হ'ব বুলিও উল্লেখ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ দিব্যাংগসকলৰ মাজত ই-ৰিক্সা বিতৰণ অনুষ্ঠানত বাক্সা জিলা সমাজ কল্যাণ বিষয়া সীমান্ত চৌধুৰী, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাসকে আদি বিজেপি দলৰ কেবাজনো নেতা-নেত্ৰী উপস্থিত থাকে ৷ 

লগতে পঢ়ক:Shah called Rahul as Baba: ৰাহুল গান্ধীক সময় থাকোঁতেই সলনি হ’বলৈ সকিয়নী অমিত শ্বাহৰ

ABOUT THE AUTHOR

...view details