Ajanta Neog in Nalbari: অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ চেক বিতৰণ - Incentive and Relief Scheme in Nalbari
নলবাৰীত মন্ত্ৰী অজন্তা নেওগ(Minister Ajanta Neog)। অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত 'অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি ২০২১'ৰ দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ অনুষ্ঠান নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত কৰা হয় (Nalbari natya mandir)। দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ । উক্ত অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে অসমত সকলো জাতি-জনগোষ্ঠীৰ লোকে শান্তি সম্প্ৰীতিৰে থকাৰ পোষকতা কৰে । মিঞা মিউজিয়াম সন্দৰ্ভত তিনিজনকৈ মিঞা পৰিষদৰ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত গোটেই ঘটনাটোৱেই এক দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । লগতে মিঞা মিউজিয়ামৰ প্ৰসংগক গৰিহনা দিয়ে মন্ত্ৰী অজন্তা নেওগে(Miya museum)৷
Last Updated : Feb 3, 2023, 8:30 PM IST