অসম

assam

গুৱাহাটীত 129 গৰাকী ছাত্ৰ-ছাত্ৰীক কাৰাটে বেল্ট আৰু প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান

ETV Bharat / videos

Karate Classes in Guwahati: গুৱাহাটীত 129 গৰাকী প্ৰশিক্ষাৰ্থীক কাৰাটে বেল্টসহ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান - Karate students in Guwahati

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:09 AM IST

গুৱাহাটী, 25 ছেপ্টেম্বৰ:গুৱাহাটীৰ আগশাৰীৰ সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰ গুৱাহাটী কাৰাটে ডো ইনষ্টিটিউটৰ উদ্যোগত দেওবাৰে সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীক বেল্ট আৰু প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰে  ৷ নাৰেংগী হাইস্কুল প্ৰেক্ষাগৃহত বিয়লি 4 বজাৰ পৰা আয়োজিত এক অনুষ্ঠানত সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰৰ ১২৯ গৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন শিতানৰ বেল্ট আৰু প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰা হয় ৷

নাৰেংগী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক কমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত বেল্ট আৰু প্ৰমাণ প্ৰত্ৰ বিতৰণ অনুষ্ঠানত সাতগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক নলিনী তালুকদাৰ, সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষক নীলমণি ডেকা উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানত 4 প্ৰশিক্ষাৰ্থীক ব্লেক বেল্ট, 30 গৰাকী প্ৰশিক্ষাৰ্থীক য়েল্ল’ বেল্ট (Yellow belt), 40 গৰাকীক গ্ৰীণ বেল্ট (Green belt), 10 গৰাকীক ব্ৰাউন বেল্ট, 45 গৰাকীক অৰেঞ্জ বেল্ট প্ৰদান কৰা হয়।

লগতে পঢ়ক:Assam CM wife land scam: মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ভূপেন বৰা

ABOUT THE AUTHOR

...view details