অসম

assam

প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান

ETV Bharat / videos

Bihu in Guinness world record:বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়া শিল্পী সকলক প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান - গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম

By

Published : Jun 30, 2023, 5:47 PM IST

গুৱাহাটী, 30 জুন :সৰ্ববৃহৎ বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়া শিল্পীসকলক শুকুৰবাৰে আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান কৰা হয় । গুৱাহাটী মহানগৰীৰ আই টি এ মাছখোৱাত আয়োজন কৰা অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ ৮২০ গৰাকী শিল্পীক মানপত্ৰ আৰু মাননি প্ৰদান কৰা হয় । সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই এই অনুষ্ঠানত উপস্থিত থাকি আনুষ্ঠানিক ভাৱে দুখনকৈ মানপত্ৰ আৰু মাননি প্ৰদান কৰে ।

বিমল বড়াই অনুষ্ঠানত উপস্থিত থাকি কয়, "আজি আমাৰ বাবে আনন্দৰ দিন । বিশ্ব অভিলেখ অনুষ্ঠানে বিহুৰ প্ৰতি নৱপ্ৰজন্মৰ ধাউতি বৃদ্ধি কৰিছে" । বিহুৰ বিনন্দীয়া ৰূপ বিশ্ববাসীৰ আগত তুলি দিয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় । বিহু কৃষি, সংস্কৃতিৰ লগত জড়িত । প্ৰকৃতি নাথাকিলে সংস্কৃতি জীয়াই থাকিব নোৱাৰিৱ বুলি তেওঁ মন্তব্য কৰে ।

14 এপ্ৰিলত বিশ্ববাসীৰ আগত বিহুক দাঙি ধৰিবলৈ সক্ষম হোৱা বিহুৱা-বিহুৱতী সকলক দুখনকৈ বিশেষ প্ৰমাণ পত্ৰৰে অভিনন্দন জনোৱা হয় । আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ ৰাজ্যতে প্ৰমাণ পত্ৰ প্ৰদান কাৰ্যসূচী চলি আছে । উল্লেখ্য যে 13-14 এপ্ৰিলত মায়াময় হৈ পৰিছিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম । ঢোল-পেঁপা-গগণাৰ মাতত ৰজনজনাই গৈছিল সৰুসজাইৰ আকাশ-বতাহ । বিহুৰ অভিনৱ আৰু অনবদ্য প্ৰদৰ্শনৰ সাক্ষী হৈ ৰৈছিল সৰুসজাই ষ্টেডিয়াম আৰু উপস্থিত হাজাৰ হাজাৰ দৰ্শক । মুঠ ১১৩০৪ বিহুৱা-বিহুৱতীয়ে একেলগে একেস্থানত প্ৰদৰ্শন কৰিছিল বিহুনাচ ৷

আনহাতে তিনি হাজাৰৰো অধিক ঢুলীয়াই প্ৰদৰ্শন কৰিছিল ঢোলবাদন । লগে লগে সৃষ্টি হৈছিল দুটাকৈ বিশ্ব অভিলেখৰ । এক অনন্য আৰু অনবদ্য ৰূপত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ’ল অসমৰ বিহু সংস্কৃতি । আজিৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, মেয়ৰ মৃগেন শৰণীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :Bihu in Guinness world record:বিহুনৃত্যৰে অভিলেখ গঢ়া তিনিচুকীয়াৰ শিল্পীসকলক মানপত্ৰ-মাননি প্ৰদান

ABOUT THE AUTHOR

...view details