অসম

assam

বাক্সাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 4:53 PM IST

ETV Bharat / videos

Orunodoi Scheme 2.0 launch : বাক্সাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান

বাক্সা, 11 অক্টোবৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ মুছলপুৰতো ৰাজ্য চৰকাৰে ৰূপায়ন কৰা অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় ৷ বুধবাৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

বাক্সা জিলা আয়ুক্ত মাচান্দা পাৰ্টিনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত আজি মন্ত্ৰী ব্ৰহ্মই আনুষ্ঠানিক ভাৱে দহগৰাকী মহিলাক অনুমোদন পত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য যে সমগ্ৰ বাক্সা জিলাতে এইবাৰ 14 হাজাৰ মহিলাক অৰুণোদয় ২.0 আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে ৷ আজিৰ সভাত বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, এম চি এল এ মন্টু বড়োকে ধৰি জিলাখনৰ কেইবাগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক:Prabin Boro to Join Congress: জাতীয়তাবাদী প্ৰবীণ বড়োৰ কংগ্ৰেছ যাত্ৰা কিয়? ইটিভি ভাৰত Exclusive

ABOUT THE AUTHOR

...view details