Gunotsav 2023 Result : গুণোৎসৱৰ ফলাফলক লৈ অসন্তুষ্ট এখন বিদ্যালয়; বহী মূল্যায়নকাৰী বিষয়াৰ বিৰুদ্ধে অভিযোগ ! - গুণোৎসৱৰ ফলাফলক লৈ অসন্তুষ্ট
মাজুলী, 28 এপ্ৰিল : সদ্যঘোষিত গুণোৎসৱৰ ফলাফলৰ পিচত ৰাজ্যৰ বিদ্যালয়সমূহত আনন্দ-উল্লাসৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Gunotsav 2023 Result)। কিন্তু এই আনন্দ উল্লাসৰ মাজতে মাজুলীৰ উত্তৰ গায়ন গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক-আভিভাৱিকা তথা শিক্ষাৰ্থীসকলে গুণোৎসৱৰ ফলাফলক লৈ দুখ প্ৰকাশ কৰা দেখা গৈছে । কিয়নো গুণোৎসৱৰ ফলাফলক লৈ অসন্তুষ্ট এই বিদ্যালয়ৰ মাতৃ গোট তথা অভিভাৱকসকল (Dissatisfied with results of Gunotsav)।
অভিযোগ অনুসৰি, প্ৰাথমিক বিদ্যালয়খনত বহি মূল্যায়ক হিচাপে নিয়োজিত হৈ আছিল বিষয়া প্ৰাঞ্জল দাস ৷ উক্ত দিনা 9.43 বজালৈকে বিদ্যালয়খনত উপস্থিত নোহোৱা বিষয়টো চি আৰ চি চি বিষয়াগৰাকীয়ে বিভাগীয় বিষয়াক অৱগত কৰে ৷ যাক লৈ ক্ষোভিত হৈ পৰে বহি মূল্যায়ক প্ৰাঞ্জল দাস । তাৰ পাচতে দাসে সকলোৰে চাকৰি খোৱাৰ ধমক দিয়ে ৷
আনকি, এই বিদ্যালয়খনে প্ৰতি বছৰে A+ পাই অহা পাচতো এই বছৰ সকলো ৰাইজে সামাজিক সহযোগিতা আগবঢ়োৱাৰ পাচতো মাত্ৰ সামাজিক সহযোগিতাত মাত্ৰ 0.83 নম্বৰ বিদ্যালয়খনক প্ৰদান কৰে দাসে । যাৰ বাবে বিদ্যালয়খনে এই বৰ্ষ A+ পাবলৈ সক্ষম নহ’ল (Assam education department Gunotsav) ৷
ইয়াৰ পাচতে ক্ষোভিত হৈ সমগ্ৰ বিষয়টোৰ ওপৰত এক ন্যায়িক তদন্ত বিচাৰি জিলা উপায়ুক্ত কাষ চাপে বিদ্যালয়খনৰ অভিভাৱকসকল । অৱশ্যে পৰৱৰ্তী সময়ত জিলা উপায়ুক্তগৰাকীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ৷
লগতে পঢ়ক :Gunotsav 2023 Result : গুণোৎসৱ ২০২৩ৰ ফলাফল ঘোষণা; শীৰ্ষত পুনৰ শিৱসাগৰ, শেষত কাৰ্বি আংলং