অসম

assam

Road Construction at Teok: টীয়কত পথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ

By

Published : Apr 30, 2023, 9:11 AM IST

টীয়কত পথ নিৰ্মাণক লৈ অসন্তষ্টি

টীয়ক, 30 এপ্ৰিল: টীয়কত পথ নিৰ্মাণক লৈ অসন্তুষ্টি ৷ আৰম্ভণিতেই ঘূণে ধৰিলে ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত তামুলিছিগা-চাপৰিচুক সংযোগী পথৰ নিৰ্মাণ কাৰ্যত ৷ শনিবাৰে ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকাগৰাকীয়ে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰদ্বাৰা এপাৰ্টৰ অধীনত আৱন্তন হোৱা ১ কোটি ৯২ লাখ টকাৰ ব্যয় সাপেক্ষে তামুলিছিগা-চাপৰিচুক সংযোগী পথৰ আধাৰশিলা স্থাপন কৰিছিল (Road Construction at Teok) ৷ কিন্তু আধাৰশিলা স্থাপন কৰাৰ ১২ ঘণ্টা নৌহওঁতেই ঠিকাদাৰে বিভাগৰ অনুমতি নোহোৱাকৈয়ে, কোনো বিজ্ঞানসন্মত বিধি ব্যৱহাৰ নকৰাকৈ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ (Dissatisfaction over road construction at Teok) ৷

নিজৰ বাহুবল দেখুৱাই এইজন ঠিকাদাৰে বিভাগৰ কৰ্মচাৰীক ভীতি প্ৰদৰ্শন কৰি বিভাগৰ নিয়মক ভৰিৰে মোহাৰি মাফিয়া কায়দাৰে পথৰ কাম কৰা ঘটনাই এতিয়া স্তম্ভিত কৰিছে সচেতন মহলক ৷ সেয়ে প্ৰকৃত পথ নিৰ্মাণৰ বিধি অৱলম্বন কৰি পথছোৱা সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷ ইফালে পথটো কোনে ঠিকা পাইছে, কোনে কাম কৰিব তাত ৰাইজৰ কোনো কবলগীয়া নাই যদিও ৰাইজৰ এই বৃহৎ ধনৰাশি যাতে কোনো কাৰণতে অপচয় নহয় তাৰ বাবে চৰকাৰখনক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে ক্ষোভিত ৰাইজে (Poor Road Construction at Teok) ৷

লগতে পঢ়ক:Moran VKB case: মৰাণৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ

ABOUT THE AUTHOR

...view details