অসম

assam

Ek Tarikh Ek Ghanta EK Sath:স্বচ্ছতাৰ বাবে শ্ৰমদান কৰিবলৈ আহ্বান জিলা আয়ুক্তৰ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:09 PM IST

জিলা আয়ুক্ত স্বপ্নীল পাল

তিনিচুকীয়া, ২৯ ছেপ্টেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীকে ১ অক্টোবৰত পুৱা ১০ বজাৰ পৰা এক ঘণ্টাৰ বাবে স্বচ্ছতাৰ কাৰণে শ্ৰমদান কৰিবলৈ আহ্বান জনাইছে । 'Ek Tarikh Eak Ghanta Ek Sath' হিচাপে ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচী সন্দৰ্ভত আলোচনাৰ বাবে শুক্ৰবাৰে জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত এখনি গুৰূত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।  

জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শুক্ৰবাৰে দিনৰ ২ বজাত অনুষ্ঠিত হয় এই সভাখন ৷ উক্ত সভাখনৰ জৰিয়তে জিলা আয়ুক্ত স্বপ্নীল পালে তিনিচুকীয়াবাসীক মোৰ মাটি মোৰ দেশ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ দৰে প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনায় এই এক তাৰিখ এক ঘণ্টা এক চাথতো সফলভাৱে অনুষ্ঠিত কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰে ৷  

তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠন তথা স্বেচ্ছাসেৱী সংগঠন, সমাজ সচেতন ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কৰা সভাখনিত অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠকৰ লগতে কেইবাগৰাকীও জিলা প্ৰশাসনৰ ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:Tense situation in Nagaon: মগজুত আঘাতপ্ৰাপ্ত ৰোগীৰ পেটত অস্ত্ৰোপচাৰৰ দাগ; উত্তপ্ত নগাঁৱৰ চিমছ হাস্পতাল

ABOUT THE AUTHOR

...view details