New Dimasa film: কাইলৈ ছবিগৃহলৈ ডিমাছা ভাষাৰ বোলছবি ৱাইফ্ৰি - কাইলৈ ছবিগৃহলৈ ডিমাছা ভাষাৰ বোলছবি ৱাইফ্ৰি
হাফলং,৩ আগষ্ট:ডিমাছা ভাষাৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ বাণিজ্যিক বোলছবি ৱাইফ্ৰিয়ে শুক্ৰবাৰে ৰাজ্যৰ হাফলং, শিলচৰ, ডিফু আৰু গুৱাহাটীত মুক্তিলাভ কৰিব । কিম দাওলাৰ বেনাৰত ডিমাছা ভাষাৰ এই প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ বাণিজ্যিক বোলছবি ৱাইফ্ৰি নিৰ্মাণ কৰা হৈছে । ৱাইফ্ৰি মানে হৈছে ফিৰিঙতি ।
এই বোলছবিৰ কাহিনীৰ পটভূমি হৈছে এখন গাঁৱত এজন যুৱকৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ । একচন আৰু ৰোমাঞ্চ আৰু থ্ৰিলাৰেৰে ভৰপূৰ এই ডিমাছা ভাষাৰ বোলছবিখনে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে । বৃহস্পতিবাৰে ডিমাছা ভাষাৰ পূৰ্ণ দৈৰ্ঘ্যৰ বাণিজ্যিক বোলছবি ৱাইফ্ৰিৰ গ্ৰেণ্ড প্ৰিমিয়াৰ অনুষ্ঠিত হয় হাফলংৰ হামৰেংডি চিনেমা হলত ।
এই গ্ৰেণ্ড প্ৰিমিয়াৰত উপস্থিত থাকে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, কাৰ্যনিৰ্বাহ সদস্য আমেন্দু হোজাই । ছবিখনৰ নিৰ্মাতা কুলেন্দ্ৰ দাওলাগাপু আৰু স্বপ্না দাওলাগাপু আৰু ওয়াইফ্ৰি বোলছবি খনৰ কলা-কুশলীসকল । ডিমাছা ভাষাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰথম বাণিজ্যিক বোলছবিখনৰ পৰিচালক হৈছে দীপাংকৰ মেচ ডিফুচা আৰু অনন্ত বৰা ।
ছবিখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে কুলেন্দ্ৰ দাওলাগাপু আৰু জিন্টু কলিতাই । ছবিখনত কণ্ঠ দিছে জিনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ আৰু অহিৰ ভৈৰৱে । আৰু আৱহ সংগীতত আছে ৰিয়ান তপোবন সোণোৱাল । শুকুৰবাৰে হাফলং হামৰেংডি চিনেমা, শিলচৰৰ গোল্ড চিনেমা আৰু ডিফুৰ গেলেক্সি চিনেমা হল আৰু গুৱাহাটীত ডিমাছা ভাষাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰথমখন বাণিজ্যিক বোলছবি ৱাইফ্ৰিয়ে মুক্তি লাভ কৰিব ।
লগতে পঢ়ক:Murder case in Tinsukia: মোমায়েকে ত্ৰিশূলেৰে হানি খুচি হত্যা কৰিলে কণমানি ভাগিনীয়েকক