অসম

assam

BJP ৰ আভ্যন্তৰীণ সংঘাত সন্দৰ্ভত দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat / videos

BJP internal conflict: BJP ৰ আভ্যন্তৰীণ সংঘাত সন্দৰ্ভত দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া - সংঘাত সন্দৰ্ভত দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া

By

Published : May 19, 2023, 1:26 PM IST

ৰঙিয়া,১৯ মে':শেহতীয়াকৈ চৰ্চালৈ অহাঅসমৰ ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু দলৰ প্ৰাক্তন ৰাজ‍্যিক সভাপতি তথা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসৰ মাজত হোৱা সংঘাত সম্পৰ্কে শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই (Dilip Saikia reacts to BJP internal conflict) ।  

বিষয়টো সম্পূৰ্ণৰূপে সংবাদ মাধ্যমে নিজে সৃষ্টি কৰা বুলি কৈ দিলীপ শইকীয়াই কয় যে দুয়োগৰাকী নেতাই দলটোৰ বাবে যথেষ্ট কাম কৰিছে (Conflict between Bhavesh Kalita and Ranjeet Das) । বিজেপি দলটো এটা বৃহৎ পৰিয়াল আৰু এই পৰিয়ালটোৰ সদস্যৰ মাজত কোনো সংঘাত নাই । সংবাদ মাধ্যমে নিজৰ এজেণ্ডা পূৰাবলৈহে এনেধৰণৰ বাতৰি প্ৰকাশ কৰিছে বুলি উল্লেখ কৰে শইকীয়াই (BJP internal conflict) ।  

ইয়াৰ উপৰিও সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ সংঘাত হোৱা বুলি প্ৰকাশ পোৱা আন এটা বাতৰিৰ বিষয়েও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে এনেধৰণৰ বাতৰি সম্পূৰ্ণ মিছা । তেওঁ কয় যে বাতৰিটো প্ৰকাশ পোৱাৰ দিনাখনেই মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰা হৈছিল । বৰ্তমান বিষয়টো সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া চলি আছে । তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতেই সাংসদগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি সমগ্ৰ বিষয় সংবাদ মাধ্যমৰ আগত তুলি ধৰিব বুলি জানিবলৈ দিয়ে । 

লগতে পঢ়ক:Junmoni Rabha Accident Case : ভাইৰেল হোৱা ফোন কল নিজৰ বুলি স্বীকাৰ আৰক্ষীৰ গাড়ীচালকৰ

ABOUT THE AUTHOR

...view details