Laser show at Rang Ghar: গেৰুৱাকৰণ আৰু হিন্দুত্বকৰণ এই দুটা বিৰোধীৰ শব্দ: দিলীপ শইকীয়া
দৰং,৩০ এপ্ৰিল: ৰংঘৰত লেজাৰ শ্ব' সন্দৰ্ভত ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই (Dilip Saikia react Ranghar Colour Controversy) । তেওঁ কয় যে ৰংঘৰক আটক ধুনীয়াকৈ সজাই তুলিবৰ বাবে ভাৰত চৰকাৰে শিৱসাগৰক আইকনিক চাইট হিচাবে ঘোষণা কৰিছে । অসমৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত ৰংঘৰ, কাৰেংঘৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰত উজলাই তোলাৰ প্ৰয়াসেৰে ইতিমধ্যে DPR প্ৰস্তুত কৰিছে (Rang ghar controversy) ।
তেওঁ উল্লেখ কৰে যে, ৰংঘৰত কৰা লেজাৰ লাইট প্ৰদৰ্শনৰ লগত গেৰুৱাকৰণৰ কোনো সম্পৰ্ক নাই । গেৰুৱাকৰণ, হিন্দুত্বকৰণ এই দুটা বিৰোধীৰহে শব্দ । অসমৰ ঐতিহ্যপূৰ্ণ ৰংঘৰ মন কী বাতত (Maan ki baat) উত্থাপন কৰাৰ উপলক্ষে লেজাৰ লাইট প্ৰদৰ্শনৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে (Laser show at rang ghar creates controversy) । লগতে তেওঁ কয় যে, লাচিত বৰফুকনৰ জীৱন গাঁথাৰ বিষয়ে এতিয়া বিশ্বই জানিব পাৰিছে যিটো কাম ভূপেন বৰাৰ দলে ৭০ বছৰে নকৰিলে বা লুৰীণজ্যোতি গগৈ, অখিল গগৈয়ে কোনোদিনে নকৰিলে ।
কিন্তু এতিয়া বিজেপিয়ে কৰিছে বাবে গেৰুৱাকৰণ কৰা বুলি অভিযোগ দিছে বুলিও মন্তব্য প্ৰকাশ কৰে সাংসদগৰাকীয়ে । এতিয়া গেৰুৱাকৰণ, হিন্দুত্বকৰণৰ দৰে এনেধৰণৰ সমালোচনাবোৰ বাদ দি সকলোকে উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈও আহ্বান জনায় ।
লগতে পঢ়ক:Formalin in Fish : ৰঙিয়াত ফৰ্মেলিনযুক্ত চালানী মাছৰ বৃহৎ বজাৰ