Dilapidated National Highway in Kaliabor:কলিয়াবৰত ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ নামত দুৰ্বিষহ হৈছে যাতায়ত - Dilapidated road in Kaliabor
কলিয়াবৰ, ২০ মাৰ্চ:ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ (National Highways Infrastructure Development Corporation) চাৰি লাইনযুক্ত ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ নামত কলিয়াবৰত পথাচাৰীয়ে জ্বলা-কলা খাবলগীয়া হৈছে (Dilapidated road in Kaliabor) । এজাক আবতৰীয়া বৰষুণত দুৰ্বিষহ হৈছে যাতায়ত । মৃত্যুদূতলৈ পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ঘাইপথৰ ওপৰত থকা এখন দলং । কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ সন্মুখৰ পথচোৱাৰ দুৰৱস্থাৰ বাবেই এতিয়া জীয়াতু ভুগিব লগা হৈছে সাধাৰণ পথাচাৰীয়ে (Misa Police Station in Kaliabor) ।
মিছা আৰক্ষী চকীৰ সন্মুখৰ পথচোৱাত একো একোটা বৃহৎ গাঁতৰ লগতে পথচোৱা ঠেক হোৱাৰ বাবেই তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে ৷ আনহাতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলংখনৰ দুৰৱস্থাৰ বাবেই এমাহ পূৰ্বে দলঙৰ পৰা সৰি পৰিছিল এগৰাকী ছাত্ৰী । মিছাৰ দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকী টিউচনৰ পৰা উভতি অহাৰ সময়তে দুখনকৈ গাড়ী দলঙেদি পাৰ হওঁতেই দলঙৰ পৰা তলত পৰি যায় । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী । উল্লেখযোগ্য যে, ঘাইপথ প্ৰাধিকৰণৰ লগতে পথ নিৰ্মাণত জড়িত হৈ আছে ছিমপ্লেক্স ইনফ্ৰা লিমিটেড নামৰ কোম্পানীটো । কোম্পানীটোৰ নিম্ন মানৰ কামৰ বাবেই নিৰ্মাণৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত ইতিমধ্যে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে ।