অসম

assam

বৰছলাৰ উপ-পশু স্বাস্থ্য কেন্দ্ৰত ৫ বছৰে নাই চিকিৎসক

ETV Bharat / videos

Barsala Sub-Veterinary Centre: বৰছলাৰ উপ-পশু চিকিৎসা কেন্দ্ৰত ৫ বছৰে নাই চিকিৎসক - Poor condition Veterinary hospital

By

Published : May 12, 2023, 10:42 PM IST

ৰৌতা,১২ মে': ভূত বাংলালৈ পৰিণত হৈছে বৰছলাৰ উপ-পশু চিকিৎসা কেন্দ্ৰ ৷ বিগত পাঁচ বছৰে নাই চিকিৎসক ৷ জীয়াতু ভুগিব লগাত পৰিছে পশু পালকসকল ৷ ওৰাঙৰ নিকটৱৰ্তী বৃহত্তৰ বৰছলাৰ উপ-পশু চিকিৎসা কেন্দ্ৰৰ অৰাজক অৱস্থা ৷ বিগত পাঁচ বছৰে এইদৰে পৰিত্যক্ত হৈ আছে চিকিৎসালয়খন ৷ ঘন জংঘলৰে আৱৰি ধৰিছে চিকিৎসালয়খন (Poor condition Veterinary hospital) ৷  

চিকিৎসক নোহোৱাৰ বাবে জীয়াতু ভুগিব লগাত পৰিছে বৃহত্তৰ বৰছলা অঞ্চলৰ গোপালক সকলৰ লগতে পশুধন পালকসকল ৷ এই অঞ্চলৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ লোকে পালন কৰি আহিছে গোধনৰ লগতে পশুধন ৷ ৰাজ্যত বিভিন্ন প্ৰান্তত লাম্পি ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ লৈছে । ইতিমধ্যে শ শ গাঁৱত লাম্পি ভাইৰাছৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ গোধন (Dilapidated condition of Veterinary hospital) ।  

তেনে সময়তে বৰছলাৰ এই উপ-পশু চিকিৎসা কেন্দ্ৰৰ পঁয়ালগা দৃশ্যই চিন্তিত কৰি তুলিছে স্থানীয় লোকক (Barsala Sub-Veterinary Centre) । এই অঞ্চলৰ বহু লোকে জীৱন আৰু জীৱিকা হিচাপে বাচি লৈছে গোধন আৰু পশুধন পালন । যদিও উপ-স্বাস্থ্য কেন্দ্ৰত চিকিৎসক নোহোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে ৷ ৰাইজৰ দাবী অনতিপলমে চিকিৎসালয়খনত চিকিৎসক নিযুক্তি দি কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে সচেতন মহলে ৷ 

লগতে পঢ়ক:Lok Sabha election 2024: সংখ্যালঘুৰ সমৰ্থন বিচাৰি এ আই ইউ ডি এফৰ দুৰ্গত মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী

ABOUT THE AUTHOR

...view details