অসম

assam

জোনাইত টুলুঙা নাৱেৰে পাৰাপাৰ

ETV Bharat / videos

Dilapidated bamboo bridge: লালী নদীৰ ভগ্ন দলঙৰ পৰা পৰি কথমপি প্ৰাণৰক্ষা - Poor road communication in Dhemaji

By

Published : Apr 22, 2023, 9:06 PM IST

জোনাই, ২২ এপ্ৰিল:ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ কাৱৈমাৰী আৰু লালী নদীৰ সংগমস্থলীত দলং নিৰ্মাণ নোহোৱাৰ ফলত টুলুঙা নাৱেৰে পাৰাপাৰ হৈ আহিছে সহস্ৰাধিক ৰাইজ (Poor road communication in Dhemaji)। জিলাখনৰ চেঙাজান গোৱালা, সৌৰাংশ্ৰী, চেঙাজান কৈৱৰ্ত, অপ্সৰা, লাম্বা মিচিং, লাম্বা মিলন আদি নৈপৰীয়া গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিবলগীয়া হৈছে । বহুলোকে নাও দুৰ্ঘটনা সংঘটিত হৈ বিপদৰ সন্মুখীন হ'ব লগা হৈ আহিছে ।  

উল্লেখ্য় যে, শুকুৰবাৰে নিশা ৮ বজাত চেঙাজান গোৱালা গাঁৱৰ সঞ্জয় মালাই চেঙাজানৰ পৰা নিজ গৃহলৈ বুলি কাৱৈমাৰী নদীৰ বাঁহৰ দলঙেৰে মটৰ চাইকেল লৈ পাৰ হ'ব লওঁতেই দলঙৰ পৰা পিছল খাই মটৰ চাইকেলসহ নদীত পৰি যায় । কিন্তু নদীৰ কাষত থকা স্থানীয় ৰাইজৰ প্ৰচেষ্টাত কোনোমতে মটৰ চাইকেসহ লোকজনক জীৱন্তে নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দুৰ্ঘটনাত পতিত হোৱা সঞ্জয় মালা গুৰুতৰভাৱে আহত হৈছে ।  

উল্লেখ্য় যে, এই নদীত আগতেও এনেকুৱা ঘটনা কেইবাবাৰো সংঘটিত হৈছে (Demand for bridge in Jonai)। নদীখনৰ ওপৰত পকী দলং অথবা চৰকাৰী নাৱৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিক কেইবাবাৰো আবেদন নিবেদন কৰি অহাৰ পাচতো আজি পৰ্যন্ত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ এখন পকী দলং অথবা চৰকাৰী নাৱৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চেঙাজান আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে ।

গতে পঢ়ক:Firing in Assam Arunachal border: সীমা চুক্তিৰ স্বাক্ষৰৰ পাচতে লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

ABOUT THE AUTHOR

...view details