অসম

assam

ETV Bharat / videos

তিতাবৰত টিনৰ চালিতেই চলিছে অংগনৱাড়ী কেন্দ্ৰ - যোৰহাট সমাজ কল্যাণ বিভাগ

By

Published : Sep 28, 2022, 9:36 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

শিশুৰ মানসিক বিকাশত মুখ্য ভূমিকা পালন কৰা ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তৎপৰ হোৱাৰ সময়তো তিতাবৰ মহকুমাৰ চেৰেলি মিচিং গাঁৱত অৱস্থিত অংগনৱাড়ী কেন্দ্ৰটোৱে আজিলৈকে কোনো উন্নয়নৰ মুখ দেখা নাপালে (dilapidated anganwadi centre in Titabar) । ২০০৯ চনতে স্থাপন হোৱা এই কেন্দ্ৰটোৰ গৃহ আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল । বৰহোলা গাঁও পঞ্চায়তৰ ১০ বাৰ্ডত অৱস্থিত এই কেন্দ্ৰটোত ৩১ গৰাকী শিশু আছে । কিন্তু এখন টিনৰ চালিৰ তলতে কণ কণ শিশুহঁতক পাঠদান কৰি আহিছে কেন্দ্ৰটোৰ কৰ্মী আৰু সহায়িকাই । তিতাবৰ শিশু উন্নয়ন বিভাগ তথা বৰহোলা গাঁও পঞ্চায়তৰ বিষয়ববীয়াক আবেদন- নিবেদন কৰি একো ফল লাভ নকৰিলে অংগনৱাড়ী কেন্দ্ৰটোৰ সহায়িকা আৰু কৰ্মীগৰাকীয়ে । এই কেন্দ্ৰটোত নাই ৰান্ধনী ঘৰ । আনৰ ঘৰত ৰান্ধি কণ কণ শিশুসকলক খোৱা খাদ্য খুৱাব লাগে । বতাহ বৰষুণ আহিলে কেন্দ্ৰটো বন্ধ কৰি ঘৰমুৱা হয় কৰ্মী আৰু সহায়িকা । যোৰহাট সমাজ কল্যাণ বিভাগৰ এনে অৱহেলাক লৈ প্ৰশ্ন উত্থাপন হৈছে । বহুতে অভিযোগ কৰা মতে, সমাজ কল্যাণ বিভাগৰ (Social Welfare Department) অবাধ দুৰ্নীতি অনিয়মৰ বাবে এই অৱস্থা হৈছে অংগনবাড়ী কেন্দ্ৰটোৰ ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details