অসম

assam

সাংবাদিকৰ সৈতে নিশা হুঁচৰি গালে বিধায়ক প্ৰশান্ত ফুকনে

By

Published : Apr 22, 2023, 2:03 PM IST

ETV Bharat / videos

Prasanta Phukan: ডিব্ৰুগড়ত সাংবাদিকৰ সৈতে হুঁচৰিত অংশ ল’লে বিধায়ক প্ৰশান্ত ফুকনে

ডিব্ৰুগড়, 22 এপ্ৰিল:ডিব্ৰুগড়ত সাংবাদিকৰ হুঁচৰিত বিহু গাই মতলীয়া ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ৷ সাংবাদিকৰ সৈতে নিশা হুঁচৰি গালে বিধায়ক প্ৰশান্ত ফুকনে ৷ ইটোৰ পাচত সিটো পুৰণি বিহুগীত জুৰিলে, লগতে কঁকাল ঘূৰাই এপাক নাচিলে বিহুৱা বিধায়ক প্ৰশান্ত ফুকনে (Dibrugarh MLA Prasanta Phukan Celebrate Bihu) ৷ 

উল্লেখযোগ্য যে 2010 চনতে অসমত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ সাংবাদিকে আৰম্ভ কৰিছিল সাংবাদিকৰ হুঁচৰি ৷ বিভিন্ন কাৰণত আৰ্থিক সমস্যাত পৰা সাংবাদিকক সহায় কৰিবলৈ আৰম্ভণি হৈছিল এই সাংবাদিকৰ হুঁচৰি ৷ অসমীয়া পৰম্পৰা তথা বিহুৰ মৰ্যাদা ৰক্ষা কৰি ডিব্ৰুগড়ৰ জ্যেষ্ঠ-কণিষ্ঠ সকলো সাংবাদিকে প্ৰতিবছৰে বিভিন্নজনৰ ঘৰত হুঁচৰি মৰাৰ প্ৰথা আৰম্ভ কৰিছিল ৷ সদাব্যস্ত সাংবাদিকসকলৰ হাতত বিহুৰ এই কেইদিন কলম তথা চেনেলৰ বোমৰ সমান্তৰালকৈ দেখা যায় ম’হৰ শিঙৰ পেঁপা, ঢোল,তাল, টকা,গগনা আদি (Prasanta Phukan Bihu Celebrate) ৷  

নিশা সাংবাদিকৰ হুঁচৰি দলে বিধায়কগৰাকীৰ আমন্ত্ৰণ মৰ্মে তেখেতৰ বাসগৃহত হুঁচৰি গাবলৈ গৈছিল ৷ তাতে বৰ বিহুৱা ৰূপত দেখা গ'ল জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনক ৷ ৰাজনীতিক একাষৰীয়া কৰি সম্পূৰ্ণ বিহুৰ আনন্দত বিলীন হৈ পৰিল বিধায়কগৰাকী ৷ গালে ইটোৰ পাচত সিটো পুৰণি বিহুনাম (Journalist of Dibrugarh Celebrate Bihu) ৷ 

লগতে পঢ়ক:Eid al Fitr Celebration: অনাতাঁৰ শিল্পী নেকিব আহমেদ আৰু সহযোগীৰ জিকিৰ পৰিৱেশন

ABOUT THE AUTHOR

...view details