অসম

assam

বিধায়ক প্ৰশান্ত ফুকন চিকিৎসাধীন

ETV Bharat / videos

MLA Prasanta Phukan hospitalized:জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন চিকিৎসাধীন

By

Published : Jul 31, 2023, 7:24 PM IST

Updated : Jul 31, 2023, 8:47 PM IST

গুৱাহাটী, ৩১ জুলাই :জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন চিকিৎসাধীন । অত্যন্ত জ্বৰত ভুগি থকাৰ বাবে ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । দিনৰ প্ৰায় ১১ বজাত জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনক ভৰ্তি কৰোৱা হৈছিল হেল্থ চিটি হাস্পতালত । প্ৰাথমিক চিকিৎসাৰ অন্তত বিধায়কগৰাকীৰ Seasonal flu হৈছে বুলি সন্দেহ কৰিছে চিকিৎসকসকলে ।

ইতিমধ্যে প্ৰশান্ত ফুকনৰ সকলো ধৰণৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে । উক্ত পৰীক্ষাৰ ৰিপৰ্টসমূহ আহিলেহে গম পোৱা যাব তেওঁৰ ৰোগৰ প্ৰকৃত কাৰণ কি ?  ডা: ব্ৰজেন লহকৰৰ নেতৃত্বত ছয়জনীয়া চিকিৎসকৰ এটি দলে চিকিৎসা প্ৰদান কৰি আছে বিধায়কগৰাকীক । বৰ্তমানে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে ।

লগতে পঢ়ক :Bajrang Arms training: আৰক্ষীৰ অনুমতি নোলোৱাকৈ মঙলদৈত বজৰঙৰ মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ ! চৰকাৰক তুলাধুনা মীৰা বৰঠাকুৰৰ

Last Updated : Jul 31, 2023, 8:47 PM IST

ABOUT THE AUTHOR

...view details