অসম

assam

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি

ETV Bharat / videos

Rangali Bihu 2023 : ৰঙৰ উৎসৱ ৰঙালীক আদৰিবলৈ ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰ - Rangali Bihu preparation

By

Published : Mar 21, 2023, 9:41 PM IST

ডিব্ৰুগড়, 21 মাৰ্চ :ওচৰ চাপিছে হেঁপাহৰ ৰঙালী (Rangali Bihu 2023)। ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি । বিহুৰ আখৰাত মতলীয়া হৈছে ৰাজ্যৰ ডেকা-গাভৰুসকল । কোনোৱে যদি দিনে-নিশাই চলাইছে প্ৰস্তুতি বিহু মঞ্চত কঁকাল ভাঙিবলৈ, আন কোনোগৰাকীয়ে আকৌ চেনাইক বিহুৱান দিবৰ বাবে তাঁতৰ পাতৰ পৰা মূৰ তুলিবলৈ আহৰিকে পোৱা নাই (Preparation of Bohag Bihu) ৷

ঠায়ে ঠায়ে চলিছে ৰাতি বিহুৰ আখৰা ৷ একপ্ৰকাৰে ঢোল-পেঁপা-গগণাৰ মাতত ৰজনজনাইছে এতিয়া আকাশ-বতাহ । ৰঙালী বিহুৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে বাদ্যযন্ত্ৰ বনোৱা শিল্পীসকলৰো । বিহুৰ বাবে বৰ্তমান ঢোল, পেঁপা বনোৱাত ব্যস্ত হৈ পৰিছে বাদ্যযন্ত্ৰ নিৰ্মাতাসকল (Rangali Bihu preparation)।

অসমীয়াৰ হেঁপাহৰ প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো চলিছে ব্যাপক প্ৰস্তুতি । জিলাখনৰ বিভিন্ন স্থানত চলিছে বিহুৰ আখৰা । এই সময়চোৱাতে আকৌ অসমৰ থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণকাৰী শিল্পীসকলো দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে (Assamese traditional pati dhol)।

ৰঙালীলৈ বুলি ব্যস্ততা বাঢ়িছে ডিব্ৰুগড়ৰ এখন বাদ্যযন্ত্ৰৰ বিপণিৰো ৷ চহৰখনৰ টি আৰ ৰোডৰ চিৰিং চাপৰিত অৱস্থিত এই ক্ষুদ্ৰ প্ৰতিষ্ঠানখনত এতিয়া বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা শিল্পীসকলোৰে মূলৰ তুলিব নোৱৰা ব্যস্ততা (Bihu dhol making artists now busy making Dhol) ৷ ব’হাগত আকাশ বতাহ কঁপাবলৈ ঢুলীয়াৰ বাবে ঢোল প্ৰস্তুত কৰা ব্যস্ত তেওঁলোক ৷ কোনোৱে যদি ঢোলৰ ডিমা ঠিক কৰিছে, কোনোজনে আকৌ বৰতি কাটিছে, মলুৱা, ফৰিঙা আদি প্ৰস্তুত কৰিছে ৷ মুঠতে বিহুৰ আগতেই সকলো ঢোল সাজু কৰি তুলিব লাগে ৷

ক’ভিডৰ সময়চোৱাত অচলাৱস্থা আহিছিল এই ব্যৱসায়লৈ ৷ সেই সময়ত নিৰ্মাণ কৰা ঢোলসমূহ বিক্ৰী নোযোৱাৰ ফলত বহু লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল প্ৰতিষ্ঠানটোৱে ৷ অৱশ্যে এইবাৰ বৃদ্ধি পাইছে ঢোলৰ চাহিদা ৷ বৰ্তমানলৈকে বহুকেইটা ঢোল নিৰ্মাণ কৰিছে প্ৰতিষ্ঠানটোৰ শিল্পীসকলে ৷ আনকি বিহুৱা সকলেও ঢোল ক্ৰয় কৰিবলৈ সঘনে প্ৰতিষ্ঠানটোলৈ অহা-যোৱা কৰিছে ৷ এই কথা উল্লেখ কৰিছে প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰীগৰাকীয়ে ৷ এয়াই এতিয়া অসমৰ বিহুৰ বতৰ ৷ কঁকালত টঙালী বান্ধি সকলো সাজু হৈছে ৰঙৰ উৎসৱ ৰঙালীক আদৰিবলৈ ৷

লগতে পঢ়ক :Guwahati Press Club: গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী অনুষ্ঠানৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details