অসম

assam

স্বচ্ছতা কথা কোৱা চৰকাৰৰ দিনত অস্বচ্ছ হৈ পৰিছে ধেমাজি নগৰ

By

Published : May 30, 2023, 4:35 PM IST

ETV Bharat / videos

Complain against garbage dumping : জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে ধেমাজি ১ নং ৱাৰ্ডৰ পুঁতিগন্ধময় আৱৰ্জনাই

ধেমাজি, 30 মে’ :স্বচ্ছতাৰ কথা কোৱা চৰকাৰৰ দিনত অস্বচ্ছ হৈ পৰিছে ধেমাজি নগৰ (Complaints against garbage dumping)৷ ধেমাজি পৌৰ সভাৰ 1 নং ৱাৰ্ডৰ ব্যস্ত আবাসিক এলেকাৰ পুঁতিগন্ধময় অস্বাস্থ্যকৰ পৰিৱেশে বিপদ মাতিছে নগৰবাসীলৈ ৷ 1 নং ৱাৰ্ডৰ ধেমাজি কালি মন্দিৰৰ গাতে লাগি থকা সাপ্তাহিক বজাৰত দ’ম বন্ধা গেলা পচা আৱৰ্জনাৰ পৰা নিৰ্গত উৎকট দুৰ্গন্ধই সমগ্ৰ পৰিৱেশ দূষিত কৰিছে (Dhemaji public complaints against garbage dumping)৷

বতাহত বিয়পিছে বিভিন্ন বেমাৰৰ বীজাণু ৷ এনে পৰিৱশৰ মাজতেই ধেমাজিৰ সাপ্তাহিক বজাৰত খাদ্য সামগ্ৰী বেচা কিনা হৈ আছে ৷ এইবোৰলৈ বিভাগীয় কৰ্তৃপক্ষৰ কোনো ভ্ৰূক্ষেপ নাই বুলি অভিযোগ তৰিছে অঞ্চলটোৰ ৰাইজে ৷ আনহাতে, একেটা চৌহদতে থকা কালি মন্দিৰলৈও অহা ভক্তসকলৰ অৱস্থাও বৰ্ণনাতীত ৷

মন্দিৰত নৈবদ্য গ্ৰহণ কৰাৰ নামত বৰবিহ সেৱন কৰা দৰে অৱস্থা হৈছে ভক্ত তথা নাগৰিকসকলৰ ৷ কাৰণ দুগন্ধৰ উপৰিও বেমাৰৰ বাহক হিচাপে জাক জাক মাখি খাদ্যত পৰাৰ ফলত নিশ্চিতভাৱে ভয়ংকৰ বেমাৰৰ বীজাণু সংক্ৰমণৰ আশংকা এতিয়া প্ৰকট হৈ পৰিছে ৷ এনে পৰিৱেশৰ বাবে মন্দিৰলৈ সেৰেঙা হৈছে ভক্তৰ আগমনো ৷

উল্লেখ্য যে, এই বিষয়ে মন্দিৰ পৰিচালনা সমিতিয়ে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছিল যদিও তেওঁ বিষয়টোৰ প্ৰতি আজিকোপতি তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷ লগতে শীঘ্ৰে এই আবৰ্জনাৰ পৰা হ’ব পৰা সম্ভাব্য বিপদ দূৰ কৰিবৰ বাবে, স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিয়া বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীক, জাৱৰ নিস্কাষনৰ ব্যৱস্থা গ্ৰহণৰ বাবে হাতযোৰ কৰি কাতৰ আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক :Eviction in Orang Nationnal park:ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details