অসম

assam

ঘৰে ঘৰে নাওঁ নিৰ্মাণ

By

Published : Jun 3, 2023, 11:14 AM IST

ETV Bharat / videos

Flood situation at Dhemaji: সমাগত বাৰিষা; ঘৰে ঘৰে নাওঁ নিৰ্মাণত ব্যস্ত ধেমাজি লেচাং চেঙামাৰীবাসী

ধেমাজি, 3 জুন : প্ৰতিবছৰে বাৰিষাই চিন্তিত কৰি তোলে লেচাং চেঙামাৰীবাসী, কিন্তু উপায়বিহীন তেওঁলোকে ৷ আজিলৈকে ৰজাঘৰীয়াৰ চকু নপৰিল এইখন গাঁৱত ৷ প্ৰতিবছৰেই বাৰিষাৰ আগমণৰ আগে আগে গাওঁখনৰ প্ৰতিঘৰ মানুহ ব্যস্ত হৈ পৰে নাওঁ নিৰ্মাণত ৷ বাৰিষা হ’লেই বহিঃজগতৰ পৰা বিচ্ছিন্ন হৈ পৰে ধেমাজি জিলাৰ চিচিবৰগাওঁ উন্নয়নখণ্ডৰ অধীনৰ আমগুৰি গাওঁ পঞ্চায়তৰ এই লেচাং চেঙামাৰীবাসী ৷

বাৰিষাৰ দিনত লেচাং চেঙামাৰীবাসী যাতায়তৰ একমাত্ৰ ভৰসা হৈছে এখন নাওঁ ৷ কিয়নো দীৰ্ঘদিনধৰি গাই নদীৰ বাঢ়নী পানীয়ে বাৰিষা জলমগ্ন কৰি পেলাই বিস্তীৰ্ণ অঞ্চল (Flood situation at Dhemaji Lecham Sengamari) ৷ বছৰটোৰ প্ৰায় ছমাহেই পানীৰ সৈতে সহৱস্থান কৰিবলগীয়া হয় এই গাঁওখনৰ লোকসকলে ৷

বাৰিষা কণ কণ শিক্ষাৰ্থীসকলক অনা-নিয়া কৰিবলগীয়া হয় নাঁৱৰে ৷ এইবছৰ আগন্তুক বাৰিষাক লৈ ঘৰে ঘৰে একোখন হাত নাওঁ নিৰ্মাণ কৰিছে গাঁওবাসীয়ে (Sengamari people have built boats before monsoon) ৷ নতুনকৈ নাওঁ নিৰ্মাণ কৰিবলৈ সক্ষম নোহোৱা সকলে ঘৰৰ পুৰণি নাওঁখনকে ৰং তেল মাৰি বিটুমিনৰ সংমিশ্ৰণেৰে মেৰামতি কৰি লৈছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পথ আৰু দলঙৰ সমস্যাত জীয়াতু ভুগি আহিছে লেচাং চেঙামাৰীবাসীয়ে ৷ এই বিষয়ে সংশ্লিষ্ট বিভাগক অৱগত কৰি আহিছে যদিও আজিকোপতি ৰজাঘৰীয়াই তিলমানো গুৰুত্ব দিয়া নাই বুলি খেদ প্ৰকাশ কৰে ৷

লগতে পঢ়ক :Protest against CM: মৰিগাঁও চহৰৰ মাজমজিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details