অসম

assam

সহায়ৰ হাত বিচাৰি

ETV Bharat / videos

Patient needs financial help:সহায়ৰ হাত বিচাৰি মুখ্যমন্ত্ৰী তথা অসমবাসীলৈ কাতৰ আহ্বান চিমেনমুখৰ জেনিফাৰ দলে পেগুৰ - যকৃতৰ ৰোগত আক্ৰান্ত

By

Published : Aug 1, 2023, 6:56 PM IST

Updated : Aug 1, 2023, 7:37 PM IST

জোনাই, ১ আগষ্ট : ধেমাজি জিলাৰ চিমেনমুখ গাঁও পঞ্চায়তৰ লামাবৰগড়া গাঁৱৰ মাইকেল পেগুৰ পত্নী জেনিফাৰ দলে পেগু যকৃতৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত দুমাহ ধৰি চিকিৎসাধীন হৈ আছে । ইয়াৰ পূৰ্বে ২০২০ চনত পিত্তাশয়ৰ ৰোগত আক্ৰান্ত হোৱাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ এম জি এম হাস্পতালত চিকিৎসা কৰোৱা হৈছিল জেনিফাৰৰ ৷ পুনৰ যকৃতৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে দুমাহ পূৰ্বে তেওঁক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ।

ইতিমধ্যেই জেনিফাৰ দলে পেগুৰ চিকিৎসা কৰিবলৈ খেতি-মাটি, গৰু-ছাগলী সকলো বিক্ৰী কৰি শেষ কৰি পৰিয়ালটো অসহায় হৈ পৰিছে । ৩৩ বছৰীয়া জেনিফাৰ আৰোগ্য হ’বলৈ চিকিৎসাৰ বাবে বহি:ৰাজ্যলৈ যোৱাৰ প্ৰয়োজন আছে ৷ সেয়েহে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সদাশয় ৰাইজক ৯১০৮৫৭৬৭৯৩ নম্বৰত যোগাযোগ কৰাৰ লগতে ভাৰতীয় ষ্টেট বেংক অৱ্ ইণ্ডিয়াৰ কুলাজান শাখাত জেনিফাৰ দলে পেগুৰ নামত থকা একাউণ্ট নম্বৰ ৩১৯৩০৪৭০১৫০ আইএফচি কোড এছবিআইএন০০০৮৫০৬ নম্বৰত আৰ্থিক সাহায্য আগবঢ়াবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :Flood affected people in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে দুৰ্বিষহ কৰি তুলিছে ধেমাজিবাসীৰ জীৱন

Last Updated : Aug 1, 2023, 7:37 PM IST

ABOUT THE AUTHOR

...view details