অসম

assam

কৃতী শিক্ষকৰ ঘৰে ঘৰে জিলা আয়ুক্ত

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 4:43 PM IST

ETV Bharat / videos

Teachers day 2023:ধেমাজিত কৃতী শিক্ষকৰ ঘৰে ঘৰে জিলা আয়ুক্ত

ধেমাজি, 5 ছেপ্টেম্বৰ :পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোত ধেমাজিৰ কেইবাগৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱা হয় ৷ শিক্ষক দিৱসৰ দিনটোত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত সম্বৰ্ধিত হ’বলগীয়া ৰাজ্যৰ ৪৩০ গৰাকী কৃতী শিক্ষকলৈ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰিছে একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচা ৷ ধেমাজি জিলাতো ২৩ গৰাকী ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা লাভ কৰা শিক্ষকক জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়াই শিক্ষক দিৱসৰ দিনটোত ঘৰে ঘৰে গৈ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে অভিনন্দন জনায় ৷

ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰলীয়ে ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক বিনীতা চৌধুৰী গাৰোদিয়া আৰু লাৱণ্য লাহন চুতীয়াৰ বাসগৃহত উপস্থিত হৈ দুয়োগৰাকী শিক্ষয়িত্ৰীক সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে অভিনন্দন জনায় ৷ ইপিনে মুখ্যমন্ত্ৰীৰ পৰা প্ৰশংসা পত্ৰ পাই দুয়োগৰাকী কৃতী শিক্ষয়িত্ৰী হৈ পৰে বাঙ্ময় ৷ এনেদৰে শিক্ষকসকলক তেওঁলোকৰ কৰ্মৰাজিৰ বাবে স্মৰণ কৰি শুভেচ্ছা জনোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনায় শিক্ষয়িত্ৰীদ্বয়ে ৷

লগতে পঢ়ক :Teachers Day: লখিমপুৰৰ ১৮ গৰাকী শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details