অসম

assam

ETV Bharat / videos

AASU conference: ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশন

By

Published : Nov 12, 2022, 10:02 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশন (10th Annual Conference of Dhemaji District AASU)। ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই অধিৱেশন অনুষ্ঠিত হৈছে । যাক লৈ উদুলিু মুদুলি পৰিৱেশে বিৰাজ কৰিছে চহৰখনত । শুকুৰবাৰে পুৱাই সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ পতাকা উত্তোলন কৰে ক্ৰমে দীপক শৰ্মা, জিতু বৰা আৰু ডিম্বেশ্বৰ গগৈয়ে ৷ শ্বহীদ তৰ্পণ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক কল্যাণ গগৈয়ে ৷ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জনায় উদযাপন সমিতিৰ সভাপতি ডঃ দীপক নেওগে ৷ উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনত আজি দুপৰীয়া বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভা অনুষ্ঠিত হ'ব (Dhemaji AASU conference)। মুকলি সভাৰ অধিৱেশনত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰিব ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details