অসম

assam

উত্তাল ঢেকিয়াজুলিৰ ৰাজপথ

ETV Bharat / videos

Congress hold protest against price hike:বিজেপি মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায় ধ্বনিৰে উত্তাল ঢেকিয়াজুলিৰ ৰাজপথ - কংগ্ৰেছ

By

Published : Jul 29, 2023, 7:28 PM IST

ৰঙাপৰা, 29 জুলাই : ইন্ধনৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শনিবাৰে ঢেকিয়াজুলিত কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । মূল্যবৃদ্ধি ৰোধ কৰক, শিশু খাদ্যত জিএছটি প্ৰত্যাহাৰ কৰক, ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, কংগ্ৰেছ জিন্দাবাদ, মল্লিকাৰ্জুন খাৰ্গে জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, বিজেপি চৰকাৰ মূৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উল্লেখ্য ঢেকিয়াজুলি-বৰছলা কংগ্ৰেছৰ উদ্যোগত ঢেকিয়াজুলিত ৰূপায়ণ কৰা হয় প্ৰতিবাদী সমদল ৷ কংগ্ৰেছৰ অভিযোগ যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷

এইদৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ঢেকিয়াজুলিত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঢেকিয়াজুলিৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী কাৰ্যসূচীৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সমদল কৰে ৷

লগতে পঢ়ক :Rangia Congress protest: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details