অসম

assam

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ETV Bharat / videos

Illegal Call Centre in Guwahati: লুণ্ঠনত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াৰ লগত অপৰাধৰ লিংক পোৱা নাই জিপি সিঙে - গুৱাহাটী ভুৱা কল চেণ্টাৰ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:04 PM IST

গুৱাহাটী, ২০ অক্টোবৰ : কলচেণ্টাৰ যোগেদি চলোৱা বিয়াগোম লুণ্ঠনৰ বৃহৎ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । ইফালে কলচেণ্টাৰৰ উক্ত লুণ্ঠনত এজন আৰক্ষী বিষয়াৰ নামো সাঙোৰ খাই পৰিছে । এই সন্দৰ্ভত শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । 

তেওঁ কয় যে ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ'ব । অপৰাধীক গ্ৰেপ্তাৰ কৰা হ'ব । অপৰাধীসকলক ধৰাৰ পাছত অপৰাধৰ লগত জড়িত সকলোকে ধৰা হ'ব । ইয়াত আৰক্ষীৰ লোকৰ কথা নাই । কিন্তু এখন গাড়ী পোৱাক লৈ এজন জেষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধে এক্সন ল'ব নোৱাৰি বুলি তেওঁ কয় । অপৰাধৰ লগত লিংক নোপোৱালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি বুলি মন্তব্য কৰি জিপি সিঙে কয় যে কিবা লিংক আছে নেকি সেই বিষয়ে চালি-জাৰি চোৱা হ'ব । 

তেওঁ লগতে কয় যে অপৰাধৰ লগত জড়িত মূল অভিযুক্তসকলক ধৰাৰ পাছতেহে জানিব পৰা যাব কোন কোন লোক জড়িত হৈ আছে । আনহাতে গুৱাহাটীত মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া ঘটনাত অপৰাধীয়ে মাৰণাস্ত্ৰ ব্যৱহাৰ কৰা সন্দৰ্ভতো আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । 

জিপি সিঙে কয় যে মাৰণাস্ত্ৰ দেখুৱাই মোবাইল ফোন নাইবা চেইন কাঢ়ি নিয়া ঘটনাৰ দুটা দিশ আছে । এটা হৈছে পুতলা পিষ্টলৰ ব্যৱহাৰ আৰু আনটো হৈছে প্ৰকৃত মাৰণাস্ত্ৰ । প্ৰকৃত মাৰণাস্ত্ৰ অহাৰ দুটা তথ্য পোৱা গৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈকে নাগালেণ্ড আৰু বিহাৰৰ পৰা মাৰণাস্ত্ৰ অনা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:DGP GP Singh : এন এল এফ বিৰ সদস্যৰ মনত অসন্তুষ্টি থকাৰ সম্ভাৱনা ব্যক্ত জি পি সিঙৰ

ABOUT THE AUTHOR

...view details