অসম

assam

ETV Bharat / videos

Guwahati book release: আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ গ্ৰন্থ উন্মোচন - Bhaskar Jyoti Mahanta book

By

Published : Jan 28, 2023, 6:40 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গুৱাহাটী, 28 জানুৱাৰী: অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ(DGP Bhaskar Jyoti Mahanta) প্ৰবন্ধ সংকলন উন্মোচন । আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘বুদ্ধৰ হাতৰ সৰিয়হমুঠি’ শনিবাৰে গুৱাহাটী টাউন ক্লাবত উন্মোচন কৰা হয়(Bhaskar Jyoti Mahanta book release) । 

প্ৰকাশক সৌমিত্ৰ যোগীৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্ৰুৱজ্যোতি বৰা , বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামী , অৰিন্দম বৰকটকী উপস্থিত থাকে ।  

গ্ৰন্থখন উন্মোচন কৰি ড৹ ধ্ৰুৱজ্যোতি বৰাই কয় যে, ‘বুদ্ধৰ হাতৰ সৰিয়হমুঠি’ নামৰ গ্ৰন্থখন উন্মোচন কৰি আনন্দিত হৈছো । এই গ্ৰন্থখনে আৰক্ষী আৰু সমাজৰ মাজত যোগসূত্ৰ স্থাপনৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা গ্ৰহণ কৰিব । গ্ৰন্থখন পাঠক সমাজে গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰকাশকগৰাকীয়ে ।  

আনহাতে মনোজ কুমাৰ গোস্বামীয়ে কয় যে, ভাস্কৰজ্যোতি মহন্তৰ চাকৰিকালত এইখন শেষ কিতাপ(Assam DGP book release) । যিকোনো প্ৰজন্মৰ পাঠকে কিতাপখন পঢ়ি উপভোগ কৰিব । ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলাইছে তাৰ বাবে তেওঁক ধন্যবাদ দিব লাগিব ।  

লগতে, আৰক্ষীয়ে এতিয়াও বৃটিছৰ দিনৰ আইন কানুনত চলি আছে আৰু তাৰ সংস্কাৰৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি তেওঁ কয় যে, এনকাউন্টাৰ বা লাঠিৰে কোবাই অপৰাধমুক্ত কৰিব পৰা নাযায় । তাৰ বাবে সমাজত সজাগতাৰ প্ৰয়োজন আছে । আইনক ভয় খাব নালাগে আইনক সন্মান জনোৱা প্ৰৱণতা সৃষ্টি কৰিব লাগে ৷ ইফালে, অনুষ্ঠানত ভাষণ প্ৰসংগত অৰিন্দম বৰকটকীয়ে কয় যে, গ্ৰন্থখনে নতুন দিশৰ সন্ধান দিব ।  

গ্ৰন্থখনৰ লেখক ভাস্কৰজ্যোতি মহন্তই কয় যে, পুলিচিঙৰ নতুন মাত্ৰা নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছো মোৰ কৰ্মজীৱনত । গ্ৰন্থখন উন্মোচন কৰাত আজি গৌৰৱ বোধ কৰিছো । ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ লিখনী আৰু কৰ্মজীৱনৰ লগতে অসমৰ জনগণৰ মৰমে তেওঁক প্ৰভাৱিত কৰা বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই(Bhaskar Jyoti Mahanta book) ।  

সত্ৰ সম্পৰ্কে তেঁও কয় যে, সত্ৰসমূহে ৰক্ষণশিলতাৰ উৰ্ধত গুচি আহি সাধাৰণ জনতাক আকোঁৱালি ল’ব লাগে আৰু সমাজৰ বিভাজন ৰোধৰ বাবে সবল ভূমিকা পালন কৰিব লাগে ৷ মৃদুল হালৈয়ে আঁত ধৰা অনুষ্ঠানটোত ভাস্কৰজ্যোতি মহন্তৰ কণ্যা সৃজনী ভাস্ব মহন্ত গীত পৰিৱেশ কৰাৰ লগতে পত্নী তথা কবি স্বপ্নালী মহন্তই কবিতা আবৃত্তি কৰে । উল্লেখ্য যে ‘বুদ্ধৰ হাতৰ সৰিয়হমুঠি’ প্ৰবন্ধ সংকলনখনত মুঠ 25 টা প্ৰবন্ধ আছে ।

লগতে পঢ়ক:Assam next DGP : জি পি সিং হ'ব অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details