নৱবৰ্ষৰ প্ৰথমটো দিনত মাজুলীৰ সত্ৰ-নামঘৰত ভক্তৰ ভিৰ - New Year 2024 Celebration
Published : Jan 1, 2024, 8:44 PM IST
মাজুলী, 1 জানুৱাৰী : আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত পৰিয়াল তথা ৰাজ্যবাসীৰ বছৰটো কুশল কামনাৰে নেদেখাজনৰ আশিস বিচাৰি ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, সত্ৰ-নামঘৰ তথা বিভিন্ন ধৰ্মীয় উপাসনাস্থলীত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷
ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে সত্ৰপীঠ মাজুলীত ৷ মাজুলীৰ সত্ৰ-নামঘৰতো নৱবৰ্ষৰ পহিলা দিনটোত দেখা গৈছে ভক্তৰ ভিৰ ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত নেদেখাজনৰ আশিস বিচাৰি মাজুলীৰ সত্ৰ-নামঘৰত বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে ৰাইজ ৷ সত্ৰ-নামঘৰত এগছি চাকি জ্বলাই নিজৰ লগতে এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰাৰ্থনা জনাইছে সকলোৱে ৷
মাজুলীৰ ঐতিহাসিক দাক্ষিণপাট সত্ৰতো বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ভৰি পৰা পৰিলক্ষিত হৈছে ৷ ঐতিহাসিক সত্ৰখনত বছৰৰ প্ৰথম দিনটোত নেদেখাজনৰ ওচৰত এগছি চাকি জ্বলাই বছৰটো কুশল কামনাৰে সকলোৱে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় ৷ ইফালে ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে নৱবৰ্ষ উপলক্ষে সমূহ অসমবাসীলৈ শুভেচ্ছা জনাইছে ৷ নতুন বছৰত নৱ প্ৰজন্মৰ মাজত অধ্যাত্মিক, নৈতিকভাৱ জাগ্ৰত হৈ সকলোৱে এখন সুস্থ সমাজ গঢ়ি তোলাৰ সপোন দেখক তাৰেই কামনা কৰে সত্ৰাধিকাৰগৰাকীয়ে ৷