অসম

assam

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

ETV Bharat / videos

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পহিলা মাঘত ভক্তৰ সমাগম - Bhogali Bihu in Teok

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 2:10 PM IST

টীয়ক, ১৬ জানুৱাৰী:ৰাজ্যবাসীয়ে উলহ-মালহেৰে পালন কৰিছে ভোগালী বিহু । ভোগালীৰ আনন্দত মতলীয়া হৈ পৰিছে ৰাজ্যবাসী । আজি পহিলা মাঘৰ দিনা ৰাজ্য়ৰ আন ঠাইৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ ।  

আজি পহিলা মাঘৰ দিনা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি নেদেখাজনৰ চৰণত পৰিয়ালৰ বাবে আৰ্শীবাদ লোৱাৰ লগতে সমাজৰ মংগল কামনা কৰে । ইপিনে,বৰনামঘৰ পৰিচালনা সমিতিয়েও আগন্তুক বৰ্ষটো যাতে সকলোৰে কুশল মংগল হয় তথা ৰাজ্যৰ পৰা অপয়া অমংগল নাশ হৈ সকলোৰে মনোবাঞ্চা পূৰণ কৰে তাৰ কামনাৰে গুৰুজনাই নিজ হাতেৰে প্ৰজ্বলন কৰা অক্ষয় বন্তিত তেল দিয়ে । গুৰু চৰণত এখনি শৰাই আগবঢ়াই সকলোকে আশীৰ্বাদ প্ৰদান কৰিছে বৰনামঘৰ পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক:চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত ক্ষতি হ’বলগীয়া ভূমি-সম্পত্তিৰ পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details