Khanikar puthi:মৰিগাঁৱত পদব্ৰজে উপস্থিত ঐতিহ্যমণ্ডিত খনিকৰ পুঁথি - khanikar puthi golaghat
মৰিগাঁও, 16 আগষ্ট :প্ৰখৰ ৰ’দকো নেওচি গোলাঘাটৰ খনিকৰ নামঘৰৰ পৰা মৰিগাঁও চহৰত উপস্থিত হ’লহি ইতিহাস প্ৰসিদ্ধ খনিকৰ পুঁথি । অসমৰ ইতিহাস প্ৰসিদ্ধ প্ৰায় ২৫০ বছৰীয়া গোলাঘাট জিলাৰ খনিকৰ গাঁৱৰ খনিকৰ পুঁথিভাগৰ কথা সমগ্ৰ অসমতে কম বেছি পৰিমাণে সৰ্বজনবিদিত । অসমীয়া লোক সমাজত এই পুঁথি ভাগৰ আছে এক বিশেষ মাহাত্ম্য আৰু আছে বহু বিশেষত্ব ।
মৰিগাঁও চহৰৰ মিনতি শইকীয়া নামৰ ধৰ্মপ্ৰাণা আইগৰাকীৰ বাসগৃহত আমন্ত্ৰণ ক্ৰমে উপস্থিত হয় খনিকৰ পুঁথি ভাগ । গায়ন-বায়ন, খোল-তালৰে আদৰি অনা হয় মহত্বপূৰ্ণ খনিকৰ পুঁথিভাগ । মৰিগাঁৱত দুদিন ধৰি চলিব পুঁথিভাগৰ শ্ৰৱণ কীৰ্ত্তন ।
নগাঁও চহৰৰ পৰা গোলাঘাট খনিকৰ গাঁৱৰ এগৰাকী ভকতে এনেদৰে পুঁথিভাগ শিৰত লৈ গন্তব্যস্থলত উপস্থিত হয় ৷ প্ৰতি পাঁচ কিলোমিটাৰ একো একোজন ভকতে এনেদৰে পদযাত্ৰা কৰে । জনবিশ্বাসমতে এই পুঁথিভাগ পাঠ কৰিলে অথবা শ্ৰৱণ-কীৰ্তন কৰিলে অপায় অমংগল দূৰ হোৱাৰ লগতে সুখ শান্তিয়ে বিৰাজ কৰে আৰু সকলোৰে মনৰ বাঞ্ছা পূৰণ হয় ৷ পালক সকলে খনিকৰ পুঁথিভাগৰ মহত্বৰ বিষয়ে জানিবলৈ দিয়ে ।
নগাঁৱৰ পৰা এনেদৰে পদব্ৰজে খনিকৰ পুঁথি ভাগ মৰিগাঁও চহৰত উপস্থিত হোৱাৰ লগে লগে ভকত-বৈষ্ণৱ তথা গায়ন-বায়নে আদৰি আনি পৰম্পৰাগতভাৱে ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ বাসগৃহত সজোৱা অস্থায়ী বেদীত সংস্থাপিত কৰে । উল্লেখ্য যে মৰিগাঁৱত দুদিন থাকি পুনৰ একেদৰে পদব্ৰজে আন পূণ্য স্থানলৈ এই পুঁথিভাগ আগবাঢ়িব বুলি সদৰী কৰে ভক্তসকলে ।