Jorhat massive fire: বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল যোৰহাট চহৰৰ বৃহৎ অঞ্চল - devastating fire destroyed a large area of Jorhat
যোৰহাটৰ মাৰোৱাৰীপট্টি অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড (Massive fire in Jorhat town)। নগৰখনৰ বৃহৎ অঞ্চলটোত জুয়ে এফালৰ পৰা গ্ৰাস কৰিছে (Devastating fire in Jorhat) । নিশা 10.45 বজাৰ পৰাৰ পুৱতি নিশালৈকে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপক বাহিনী । যোৰহাট, গোলাঘাট, শিৱসাগৰ, বায়ুসেনা বাহিনী, ভাৰতীয় সেনা বাহিনী, অ’ এন জি চি, নুমলীগড় শোধনাগাৰ আদি অধীনৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখে (Jorhat Fire news)। প্ৰায় পঞ্চাশখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যোৰহাটত উপস্থিত হয় । এই অগ্নিকাণ্ড যোৰহাটৰ ইতিহাসত প্ৰথম বুলি সকলোৱে ক'ব বিচাৰে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰো অগ্নিনিৰ্বাপক গাড়ী যোৰহাটলৈ অনা হৈছে । এই অগ্নিকাণ্ডৰ ঘটনা শ্বট শ্বাৰ্কিট ফলতেই সংঘটিত হোৱা বুলি ধাৰণা কৰাৰ হৈছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST