অসম

assam

শোকত ম্ৰিয়মাণ মৃদুল বৰাৰ পৰিয়াল

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 4:33 PM IST

ETV Bharat / videos

দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনা : মাত্ৰ এঘন্টা শুই গাড়ী চলাইছিল মৃদুল বৰাই

গোলাঘাট, 5 জানুৱাৰী : দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা বাছ চালক মৃদুল বৰাৰ ঘৰতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ মৃত মৃদুল বৰাৰ টোপনি খতি হৈ থকাৰ কথা উল্লেখ পত্নী দীপশিখা বৰাৰ ৷ 3 জানুৱাৰীত ভাড়া লৈ যোৱাৰ পূৰ্বে মাত্ৰ এঘন্টাৰ বাবে শুইছিল চালক মৃদুল বৰাই ৷ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে পত্নী দীপশিখা বৰাই ৷

পাঁচ বছৰীয়া একমাত্ৰ সন্তান থকা মৃদুল বৰাৰ ঘৰখন এতিয়া শোকত ম্ৰিয়মাণ হোৱা দেখা গৈছে ৷ চালক মৃদুলে এই বাছখনৰ ওপৰিও আন গাড়ী চলাইয়ো পৰিয়াল পোহপাল দিছিল ৷ উল্লেখ্য যে, 3 জানুৱাৰীৰ পুৱতি নিশা দেৰগাঁও বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল বাছ চালক মৃদুল বৰা ৷ তদুপৰিও একে গাঁৱৰে শিশুসহ 10 জন লোকৰ মৃত্যু হৈছিল এই দুৰ্ঘটনাত ৷

বৰ্তমানেও শিশুসহ চাৰিজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে ভালেসংখ্যক লোক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ এই পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাছখন প্ৰায় সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যায় ৷ 

লগতে পঢ়ক :দেৰগাঁৱত ড্ৰাইভাৰ-হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details