অসম

assam

দেউৰী বিহুগীত নৃত্যৰে মুখৰ মাজৰ দেউৰী প্ৰেক্ষাগৃহ

ETV Bharat / videos

Ibanku Gianema in majuli : মাজুলীৰ দেউৰীসকলে দুদিনীয়া কৈ পালন কৰিছে ইবাঁকু গিয়াঁনেমা - ত্ৰয়োদশ ইবাঁকু গিয়াঁনেমা

By

Published : May 12, 2023, 2:26 PM IST

মাজুলী, 12 মে’ :দেউৰী বিহুগীত নৃত্যৰে মুখৰ মাজৰ দেউৰী প্ৰেক্ষাগৃহ (Deori Bihu in majuli) । কিয়নো মাজুলীৰ আটাইকেইখন দেউৰী গাঁৱৰ গঞাই মিলি বৃহস্পতিবাৰৰ পৰা দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে ত্ৰয়োদশ ইবাঁকু গিয়াঁনেমা (Deori tribe celebrate Ibanku Gianema in majuli)। এই অনুষ্ঠানৰ জৰিয়তে দেউৰী লোকসকলে তেওঁলোকৰ কলা-সাংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াস কৰিছে । দেউৰী জেং বিহু, গছৰ তলৰ বিহুৰ লগতে বিহুৰ বিভিন্ন প্ৰতিযোগিতাৰে মুখৰিত হৈ পৰিছে মাজৰ দেউৰী অঞ্চল ।

ইফালে বৃহস্পতিবাৰে মাজৰ দেউৰীতে দেউৰী সাংস্কৃতিক ভৱন মুকলি কৰে উজনি মাজুলী ৰাজহ চক্ৰ বিষয়া নৱজ্যোতি দাসে । প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সাংস্কৃতিক ভৱনটোৱে দেউৰী জনগোষ্ঠীৰ লোকসকলৰ বহু দিনীয়া এক অভাৱ পূৰণ হ’ব বুলি আশা কৰিছে স্থানীয় ৰাইজে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে দেউৰী স্বায়ত্তপৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ কুমাৰ দেউৰী ।

লগতে পঢ়ক :Enact law to stop polygamy: বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি

ABOUT THE AUTHOR

...view details