Deori Bihu Celebration : বিচুক আদৰিবলৈ সাজু ধেমাজিৰ চিচিমুখ দেউৰী গাঁওবাসী - Deori Community Preparation for Bisu Festival 2023
জোনাই, 18 এপ্ৰিল: হেঁপাহৰ ৰঙালী বিহুটিক লৈ এতিয়া ৰাজ্যৰ চৌদিশে ৰজনজনাই থকাৰ সময়তে বিহু বা বিচুক আদৰিবলৈ সাজু হৈ উঠিছে প্ৰতিজন দেউৰী জনগোষ্ঠীৰ লোক ৷ প্ৰতি বছৰে ব’হাগ মাহৰ পহিলা বুধবাৰে উদযাপন কৰা হয় দেউৰী জনগোষ্ঠীৰ বিচু ৷ ৰাজ্যৰ দেউৰী জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ গাঁৱে গাঁৱে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোল পেঁপাৰ গুমগুমণি (Deori Community Celebrates Bisu festival) ৷
ব্যতিক্ৰম নহয় ধেমাজি জিলাৰ চিচিমুখ দেউৰী গাঁও ৷ ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ধেমাজিৰ চিচিমুখ দেউৰী গাঁও ৷ দেউৰী ছাত্ৰ সন্থা চিলাপথাৰ আঞ্চলিক সমিতি আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰ যুটীয়া উদ্যোগত চিচিমুখ দেউৰী গাঁৱত অনুষ্ঠিত হোৱা 20 দিনীয়া বিচুৰ কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে (Deori Community Celebrates Bisu festival in Dhemaji) ৷
অতি পিছপৰা চিচিমুখ দেউৰী গাঁৱৰ কণ কণ শিশুৰ পৰা জীয়ৰী বোৱাৰীসহ মুঠ 60 গৰাকী প্ৰশিক্ষাৰ্থীয়ে বিচু কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ সোমবাৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ 10 নং চিচিবৰগাঁও সমষ্টিৰ সাধাৰণ সদস্য দেৱকান্ত দেউৰী, চিলাপথাৰ আঞ্চলিক দেউৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজে (Bisu festival Celebrates in Dhemaji) ৷
লগতে পঢ়ক:Sarbananda Sonowal in Dibrugarh : ক্ৰিকেট খেলপথাৰত নামিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল