অসম

assam

ETV Bharat / videos

Dengue Cases in Assam : ডিব্ৰুগড়ত ডেংগুত আক্ৰান্তৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি - Dibrugarh District Health Department

By

Published : Nov 11, 2022, 9:17 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

কোভিডৰ পিছতে সমগ্ৰ ৰাজ্যত ভয়াৱহ ৰূপ লৈছে ডেংগুৱে (Dengue case rises in Assam) । ডিব্ৰুগড় জিলাত চলিত বৰ্ষৰ মে' মাহৰ পৰা বৃহস্পতিবাৰৰ দিনটোলৈকে ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি (Dengue cases in Dibrugarh) । ইয়াৰে কেৱল নৱেম্বৰ মাহতে তিনিজন আক্ৰান্ত হৈছে ডেংগুত‌ । আটাইকেইজন আক্ৰান্ত ৰোগীৰে আছিল ভ্ৰমণ বৃত্তান্ত । কিন্তু ডেংগু পজিটিভ ধৰা পৰা ৰোগীসকল ইতিমধ্যে আৰোগ্য লাভ কৰা বুলি প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে (Dibrugarh District Health Department) । তদুপৰি, জিলাখনত এই পৰ্যন্ত এজনো ডেংগুত মৃত্যু হোৱা নাই বুলিও সদৰী কৰিছে । বহিঃৰাজ্যৰ লগত যোগাযোগ ব্যৱস্থা অধিক হোৱাৰ বাবেই ডিব্ৰুগড়ত ক্ৰমাৎ ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি কৈ এই ক্ষেত্ৰত নিজকে সজাগ হ'বলৈ ৰাইজক আহ্বান স্বাস্থ্য বিষয়াসকলৰ ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details