কৈৱৰ্ত স্বায়ত্ত শাসন পৰিষদ গঠনৰ দাবীত ৰাজহুৱা সভা
Published : Dec 26, 2023, 10:03 PM IST
গোলাঘাট,২৬ ডিচেম্বৰ:কৈৱৰ্ত স্বায়ত্ত শাসন পৰিষদ গঠনৰ দাবীৰে সহস্ৰাধিক লোকৰ সমাৱেশেৰে দেৰগাঁৱৰ নেঘেৰিটিং নাট্য মন্দিৰত আয়োজন কৰা হয় এক বিশাল ৰাজহুৱা সভা । অসমত বসবাস কৰা ভূমিপুত্ৰসকলক দুভাগ কৰি এটা ভাগক স্বায়ত্ত শাসন প্ৰদান কৰাৰ বিপৰীতে আন এটা ভাগ প্ৰদান কৰা নহ'ল । ৰৈ যোৱা ভাগটোক স্বায়ত্ত শাসন প্ৰদান কৰিবলৈ আহ্বান স্বায়ত্ত শাসন পৰিষদ দাবী সমিতিৰ ।
সদ্যহতে হৈ যোৱা সমষ্টি পুনৰ নিৰ্ধাৰণে চৰকাৰে কৈৱৰ্ত সম্প্ৰদায় লোকক মাহী আইৰ দৃষ্টিৰে চোৱাৰ কথা উল্লেখ কৰে দাবী সমিতিৰ বিষয়ববীয়াই । এই ৰাজহুৱা সভাত অসমৰ কেইবাখনো জিলা বিভিন্ন দপ্তৰ বিশিষ্ট লোকসকলৰ উপস্থিতিত সৰ্বপ্ৰথম, সৰ্বশ্ৰেষ্ঠ, সৰ্ববৃহৎ বাণীৰে ড° ৰমানন্দ দাসক কেন্দ্ৰীয় সমিতি সভাপতি, বিপুল কৈৱৰ্তক মুখ্য সম্পাদক হিচাপে লৈ গঠন কৰা হয় ৫১ জনীয়া এখন কৈৱৰ্ত স্বায়ত্ত শাসন পৰিষদ দাবী সমিতি ।
ৰাজ্যৰ অধিকাংশ জিলাত কৈৱৰ্তসকলৰ সংখ্যাগৰিষ্ঠতা সৰ্বাধিক, কিন্তু উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ বা বিধায়কে পক্ষপাতিত্ব ভূমিকা গ্ৰহণ কৰি কৈৱৰ্ত এলেকাসমূহত উন্নয়নৰ ক্ষেত্ৰত পিঠি দিয়াৰ অভিযোগ কৈৱৰ্তসকলৰ । সেয়েহে, প্ৰাচীন অসমীয়া কৈৱৰ্তসকলৰ স্বকীয় সংস্কৃতি, পৰম্পৰা আৰু ভাষাৰ অস্তিত্বৰ লগতে ৰাজনৈতিক, আৰ্থসামাজিক, শৈক্ষিক আদি দিশৰ উন্নয়নৰ বাবেই চৰকাৰক, অসমত কৈৱৰ্ত স্বায়ত্ত শাসন পৰিষদৰ দাবী জনাই নৱগঠিত সমিতিৰ বিষয়ববীয়াই ।
লগতে পঢ়ক:দেশ-জাতিৰ বাবে প্ৰাণ আহুতি দিয়া দুই বীৰক স্মৰণ কৰি বীৰ বাল দিৱস পালন